সত্যতা নিৰূপণঃ মমতা বেনাৰ্জীয়ে হুইল চকী এৰি সাধাৰণ বাবে খোজ কাঢ়িছিল নেকি? সত্য জানিবলৈ পঢ়ক

0 178

নন্দীগ্ৰামত ১০ মাৰ্চত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তথাকথিত আততায়ীৰ আক্ৰমণত আহত হৈ আঘাতপ্ৰাপ্ত হোৱাৰ পাছত সামাজিক মাধ্যমত এখন ফটো প্ৰচাৰ হৈছে, য’ত দাবী কৰা হৈছে যে তেঁও হুইল চকীৰ পৰা উঠি খোজকাঢ়ি আঁতৰি যায়, ইয়াৰ দ্বাৰা পোষ্টটোত তেঁও আঘাতপ্ৰাপ্ত হোৱা কথাটো মমতাৰ নিৰ্বাচনী চমক বুলি ঠাট্টা কৰা হৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন প্ৰচাৰ কৰি হিন্দীত এইবুলি কেপচন লিখিছেঃ “দুদিন পূৰ্বে এঁও ভৰিত# প্লাষ্টাৰ বান্ধি যন্ত্ৰণাত চিত্কাৰ কৰি আছিল, আৰু আজি সন্ধিয়া তেঁও হুইল চকীৰ পৰা উঠি খোজ কাঢ়িছে।”

“এনে চমত্কাৰ কেবল #পশ্চিম বংগতহে সম্ভব।”
#बंगाल में चमत्कार पर चमत्कार हो रहे हैं मोदी है तो मुमकिन है.”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে, একেধৰণৰ পোষ্টৰ লিংক ইয়াত আৰু ইয়াত আছে।

একেধৰণৰ পোষ্ট আমি টুইটাৰতো পাইছিলো।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে, একেধৰণৰ পোষ্টৰ লিংক ইয়াত আৰু ইয়াত আছে।

 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা সত্যতা নিৰূপণ কৰাৰ পাছত এই পোষ্টটো ভূৱা বুলি প্ৰতিপন্ন হয়।

প্ৰথমে আমি মমতা বেনাৰ্জীৰ ভাইৰেল হোৱা ফটোখন ক্ৰপ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্ছত ফটোখনৰ বিষয়ে বিচাৰ কৰিলো।আমাৰ অনুসন্ধানত ২০১২ চনৰ ১৫ জুনত হিন্দুস্তান টাইমচত বেনাৰ্জীৰ সন্দৰ্ভত প্ৰকাশ পোৱা এটা বাতৰি পালো।

দুয়োখন ফটো ৰিজাই চাই নীৰীক্ষণ কৰাৰ পাছত সকলোৱে ধৰিব পাৰিব যে ভাইৰেল হোৱা ফটোখন ফটোশ্বপ কৰা।

আৰু অধিক অনুসন্ধানত আমি মমতা বেনাৰ্জীৰ মূল ফটোখন লাভ কৰিলো। আমাৰ উজালাৰ বাতৰিটোত প্ৰকাশ পোৱা ফটোখনত মমতা বেনাৰ্জীক কলকাতাৰ এখন হাস্পতালৰ পৰা হুইল চকীত বাহিৰলৈ আমি থকাৰ দৃশ্য দেখা গৈছিল।

আমি তাৰ পাছত ফটোশ্বপৰ সহায়ত একেখন ফটো নতুনকৈ সজোৱাত তলত দিয়া ধৰণে হ’ল

ওপৰৰ তথ্যসমূহৰ পৰা দেখা গ’ল ২০১২ চনৰ মমতা বেনাৰ্জীৰ ফটো এখন সম্পাদনা কৰি হুইল চকীত বহি থকা মমতা বেনাৰ্জীৰ শেহতীয়া ফটো বুলি দাবী কৰা হৈছে। গতিকে ফটোৰ সৈতে কোৱা কথাবোৰ অসত্য।

নিউজ মোবাইলৰ দ্বাৰা সত্যতা নিৰূপণ কৰাৰ পাছত এই পোষ্টটো ভূৱা আৰু বিপথে পৰিচালিত বুলি প্ৰতিপন্ন হয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলৈ আছে, তেন্তে  +91 11 7127 9799-এই নম্বৰত হোৱাটচ আপ কৰক।