সত্যতা নিৰূপণঃ ছিকিম চৰকাৰে ক’ভিড ১৯ৰ বাবে লকডাউন ঘোষণা কৰিছে নেকি? সত্যতা জানিবলৈ পঢ়ক

0 160

ক’ভিড ১৯ত আক্ৰান্তৰ সংখ্যা ভাৰতৰ বিভিন্ন ৰাজ্যত পুনৰ বৃদ্ধি পাইছে আৰু ইয়াৰে পৰিপ্ৰেক্ষিতত সান্ধ্য আইন জাৰি কৰা, কঠোৰ বাধ্যবাধকতা জাৰি কৰা আদি বিভিন্ন নিৰ্দেশনাৰ উল্লেখ থকা পোষ্টবোৰ সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। ইয়াৰে অধিতাংশই অসত্য।

শেহতীয়াকৈ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ২৫ৰ পৰা ৩০ মাৰ্চ ২০২১লৈ ছিকিমত লকডাউন জাৰি কৰা এটা ভিডিও প্ৰচাৰ কৰিছে।

ফেচবুক ফোষ্টটোত লিখা আছেঃ “ছিকিমত লকডাউন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জেকব খালিঙৰ ৰাজহুৱা জাননী”

সত্যতা নিৰূপণ

নিউজ মোবাইল ফেক্টচেক ব্যুৰোৰ দ্বাৰা পোষ্টটোৰ সন্দৰ্ভত কৰা অনুসন্ধানত পোষ্টটোত দাবী কৰা ভিডিওটো অসত্য বুলি নিশ্চিত কৰা হৈছে।

প্ৰথমে, আমি পোষ্টটোৰ মূল শব্দকেইটা লৈ গুগুলত (ইণ্টাৰনেটত) বিচাৰিলো কিন্তু ছিকিমত লকডাউন ঘোষণা কৰা ধৰণৰ কোনো পোষ্ট বা তথ্য লাভ নকৰিলো।

দ্বিতীয়তে, আমি ছিকিম চৰকাৰে ১৮ মাৰ্চৰ দিনা জাৰি কৰা এটা নিৰ্দেশনা পালো য’ত এই ভয়ংকৰ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে নৈশ সান্ধ্য আইন জাৰি কৰা এটা নিৰ্দেশনা পালো। নিৰ্দেশনাটোত নিশা ১০ বজাৰ পাছত সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ কোৱা হৈছে।

ৰাজ্য চৰকাৰখনে নিশা ১০.৩০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত জৰুৰীকালীন বাহনৰ বাহিৰে আন সকলো বাহনৰ চলাচলো নিষিদ্ধ কৰিছে। লঘু সামগ্ৰী পৰিবহন কৰা গাড়ীকে ধৰি সকলো ধৰণৰ সামগ্ৰী কঢ়িওৱা গাড়ী আৰু অত্যাশ্যকীয় সেৱাৰ গাড়ীৰ ক্ষেত্ৰত এই বাধ্যবাধকতা প্ৰযোজ্য নাছিল।

পৰবৰ্তী সময়ত আমি ভয়চ অব ছিকিমৰ এটা ভিডিও পালো য’ত ছিকিমত লকডাউন দিয়া উৰা বাতৰিটো ভিত্তিহীন বুলি কোৱা হৈছে।

আমি চৰকাৰীৱেবছাইটতো চৰকাৰী জাননীৰ বিচাৰ কৰিলো আৰু ২০২০ চনৰ ২৪ মাৰ্চৰ এখন জাননী দেখিবলৈ পালো।এই জাননীখনত ২০২০ চনৰ ২৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ সম্পূৰ্ণ লকডাউন ঘোষণাৰ কথা উল্লেখ আছে।

এয়াই প্ৰমাণ কৰে যে যিটো ভিডিও প্ৰচাৰ কৰা হৈছিল সেয়া ২০২০ চনৰ, এই বছৰৰ নহয়। ছিকিমত এতিয়ালৈ নতুনকৈ লকডাউনৰ কোনো নিৰ্দেশনা চৰকাৰে জাৰি কৰা নাই।

আপুনিও যদি কোনো বাতৰি বা তথ্যৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 9799- এই নম্বৰত হোৱাটচ আপ কৰক।