সত্যতা নিৰূপনঃ এই ভাইৰেল ভিডিওটোত আফ্ৰিকাৰ লোকজনে মহাৰাণীৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত প্ৰতিবাদ কৰা দেখুওৱা নাই

0 432

যোৱা ৮ ছেপ্তেম্বৰ ২০২২ত মহাৰাণী ২য় এলিজাবেথে ৯৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া  ১৯ ছেপ্তেম্বৰৰ দিনা ৰাষ্ট্ৰীয় শোক পালন কৰি সম্পন্ন কৰা হয়।    

এই ঘটনাৰ সৈতে সংগতি ৰাখি সামাজিক মাধ্যমত এটা ভিডিও বহুল ভাবে প্ৰচাৰ হৈছে। এই ভিডিওটোত এজন আপ্ৰিকাৰ মানুহে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰাত বাধা দিয়াৰ লগতে কোৱা শুনা গৈছিল-   “আপোনাক লৈ আমি লজ্জিত। তাৰ পাছতেই তেওঁক নিৰাপত্তাৰক্ষীয়ে বাহিৰলৈ লৈ গৈছিল।  ভিডিওটো প্ৰচাৰ কৰি দাবী কৰা হৈছে যে আফ্ৰিকাৰ লোকজনে দাস প্ৰথা প্ৰচলনৰ বাবে ব্ৰিটেইনক ক্ষমা খোজাৰ দাবীৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময়ত বাধা দিবলৈ চেষ্টা কৰিছিল।  

ভিডিওটোৰ সৈতে কেপচনত লিখা আছিল-মহাৰাণীৰ অন্ত্যোষ্টিক্ৰিয়াত এজন অচিনাকি লোকে  বাধা দি দাস প্ৰথাৰ প্ৰচলনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ক্ষমা খুজিবলৈ দাবী জনাইছিল।  আজিৰ তাৰিখত ক্ষমা নহয়,  ক্ষতিপূৰণ বিচৰাহে অধিক যুক্তিসংগত। বাকীবোৰ কথা অসভ্যালি মাথোঁ।

ওপৰৰ পোষ্টটো ইয়াত.চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই ফটোখন সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি একেটা ভিডিও ২০০৭ চনৰ মে মাহত এটা  ইউটিউব চেনেল ত প্ৰচাৰ হোৱা দেখিলো। তাৰ কেপচনত আছে-  “বিবিচিৰ বাতৰিৰ ক্লিপিং- মানব অধিকাৰ কৰ্মী টোয়ইন আগবেতুৱে দুশ বছৰীয়া দাস প্ৰথাৰ বাবে ইলেম্ডৰ ৰাণী আৰু প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ দাবীত ৱেষ্টমিনিষ্টাৰ এবেইৰ কাম-কাজত বাধা দিছিল।

এই ঘটনাৰ স্ক্ৰীণশ্বট  গেটী ইমেজ তো প্ৰচাৰ হৈছিল। তাৰ কেপচনত আছিল: “টোয়ইন আগবেতু নামৰ  এজন প্ৰতিবাদকাৰীয়ে ১৮০৭ চনৰ দাস প্ৰথা বিলুপ্তিকৰণ আইনৰ বৰ্ষপূৰ্তিত মহাৰাণী এলিজাবেথ আৰু প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰৰ ক্ষমা প্ৰাৰ্থনাৰ দাবীৰে ২০০৭ৰ ২৭ মাৰ্চত মধ্য লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ এবেইৰ কাম-কাজত বাধা দিছিল।  কৃষ্ণাংগ লোকৰ দাস প্ৰথা ১৮০৭ চনতে আইনৰ দ্বাৰা নিষিদ্ধ কৰা হৈছিল। ইংলেণ্ডৰ জাহাজত এনে লোকক দাস কৰি অনা কথাটো ধৰা পৰিলে ১০০ পাউণ্ড জৰিমনা বিহাৰ কথাও আইনখনত ঘোষণা কৰা হৈছিল।  ১৮৩৩ চনত দাস প্ৰথা ইংলেণ্ড আৰু ইয়া ঔপনিবেষ ৰাষ্ট্ৰত  সম্পূৰ্ণৰূপে নোহোৱা হৈছিল। এএফপি ফটো/ ৰয়টাৰ/ষ্টিফেন হাৰ্ড/পুল (গেটী ইমেজৰ সৌজন্যত ষ্টিফেন হাৰ্ড/এএফপিৰ দ্বাৰা ফটো সংগ্ৰহ বুলি পঢ়িব লাগে।)”

এই ঘটনাটোৰ সন্দৰ্ভত ২০০৭ চনত দ্য গাৰ্ডিয়েন কাকতখনেও বাতৰি প্ৰচাৰ কৰিছিল।  বাতৰিটোত প্ৰকাশ পোৱা মতে  ‘টোয়ইন আগবেতুৱে মাৰ্চ (২০০৭)ত দাস প্ৰথা বিলুপ্তিকৰণ আৰু ইয়াৰ বাবে মহাৰাণীৰ ৰাজহুৱা ক্ষমা প্ৰাৰ্থনী দাবীৰে ৱেষ্টমিনিষ্টাৰ এবেইত চলি থকা কাম-কাজত বাধা দিছিল।  ”

এইদৰেই প্ৰমাণ হয় যে ভাইৰেল পোষ্টটোৰ দাবী ভুৱা।  

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।