সত্যতা নিৰূপণ: ফাইভ জি স্পেক্ট্ৰামৰ নিলামৰ ভাইৰেল ভিডিও ক্লিপিং বিভ্ৰান্তিকৰ

0 303

দ্য টাইমচ অৱ ইণ্ডিয়াৰ বিজনেছ ছেকচনৰ এটা বাতৰিৰ অংশ বুলি দাবী কৰা ভিডিও ক্লিপ এটা সামাজিক মাদ্যমত ভাইৰেল হৈছে। তাত দাবী কৰা হৈছে য়ে ২.৮ লাখ কোটি টকা লোকচান হৈ থকা বাবে ফাইভ জি স্পেক্ট্ৰামৰ নিলামৰ ব্যৱস্থা কৰা হৈছে।

5জি টেলিকম ল্পেট্ৰাম নিলাম জাননীৰ ৭দিনৰ পাছত কোৱা হৈছে যে ২০২২ৰ ১ আগষ্টত নিলামৰ নিৰিখ ১.৫ লাখ কোটি টকা পাৰ হোৱাৰ পাছত নিলাম বন্ধ কৰা হয়। ৰিলায়েন্স জিওৰ মুকেশ আম্বানীয়ে আটাইতকৈ বেছি ৮৮,০৭৮ কোটি টকাৰে স্পেক্ট্ৰামৰ ২৪,৭৪০ মেগাহাটজ (MHz)ক্ৰয় কৰে। দূৰ সংযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণবে জনোৱা মতে ১২ আগষ্টৰ পৰা চৰকাৰে স্পেক্ট্ৰামৰ বিতৰণ আৰম্ভ কৰিব।     

শিৰোনামত আছে- “₹2800000000000000 5G স্পেক্ট্ৰামৰ নিলামত ₹2২.৮১ লাখ কোটি টকাৰ লোকচান

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

 

আমি ভাইৰেল ফটোখন ভালদৰে চোৱাত দেখিলো তাত পংকজ ডোভেলৰ নাম স্পষ্ট আছে। আমি পংকজ ডোভেলৰ টুইটাৰ হেণ্ডেলটোও দেখিলো। তাত লিখা আছে পংকজ ডোভেলl’ সম্পাদক, টাইমছ অৱ ইণ্ডিয়া।

প্ৰফাইলটো চোৱাত আমি ভাইৰেল ফটোখন এটা টুইটত দেখা পালো।   

আপুনি যেতিয়া দিনটোৰ আৰম্ভনিতেই স্পেক্ট্ৰামৰ নিলামৰ খবৰ পায় আৰু দিনটোৰ শেষলৈ মটৰ-বাহন বিক্ৰীৰ খবৰ লাভ কৰে, তেন্তে বিজনেছ পেজ দেখিবলৈ এনেকুৱাই হব।pic.twitter.com/R9Qee59Zfi

— Pankaj Doval (@pankajdoval) August 2, 2022

যিহেতু চৰকাৰে এই বৰ্ষৰ অক্টোবৰৰ পৰা নতুন দূৰসংযোগ সেৱা আৰম্ভ কৰাৰ বাবে সাজু লৈছে,  আমি লক্ষ্য কৰিলো 5G স্পেক্ট্ৰামৰ নিলামৰ দিন ১ আগষ্ট ধাৰ্য কৰা হল আৰু নিলামৰ নিৰিখ ১.৫ লাখ কোটি টকা নিৰ্ধাৰণ কৰা হয়।    

স্ক্ৰীণশ্বটটোত সংখ্যাৰ ঘৰত কিছু ঠাই বা ফাঁক ৰখা হৈছিল, আৰু মূল বাতৰিটোৰ সৈতে আন এটা শিৰোনাম লগাই দিয়া হৈছিল। বাতৰি কাকতখনৰ সম্পাদিত অংশত 5G সন্দৰ্ভত এটা শিৰোনাম আছে  অৰ্থনৈতিক আৰু সামাজিক সহায়ক,”  ইয়াৰ বিপৰীতে মূল বাতৰিটোত আছিল- ভাৰতীয় দূৰসংযোগ ক্ষেত্ৰত নতুন যুগৰ দোকমোকালিবুলিহে লিখা আছিল।

শিৰোনামত ১৪টা শূন্য আছে, অৰ্থাত্ ২,৮০০ লাখ কোটি, ভাইৰেল ফটোখনত থকাৰ দৰে    “২.৮ লাখ কোটি নহয়।  এই সন্দৰ্ভত কোনো বিশ্বাসযোগ্য বাতৰিও আমি লাভ নকৰিলো।

এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল ফটোখন ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।