সত্যতা নিৰূপণ: এখন গাড়ীত সাতটা গৰু কঢ়িওৱা নাইজেৰিয়াৰ ভিডিওটো পশ্চিম বংগৰ ইদৰ সময়ৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 486

এখন গাড়ীত ৭টা গৰু কঢ়িওলা এটা  ভিডিও সামাজিত মাধ্যমত ভাইৰেল হছে, এই ভিডিওটো পস্চিমবংগৰ অলপতে হৈ যোৱা ইদ-উল-আদাৰ বুলি দাবী কৰা হৈছে।

ফেচবুক পোষ্টটোৰ কানাড়া ভাষাত লিখা কেপচনত আছে, “এয়াই আমাৰ পশ্চিমবংগৰ বকৰীইদ… কৰ্ণাটকত ইয়াতকৈও বেয়া হ’ব পাৰেনে!”

( “ಇದು ನಮ್ಮ ಪಶ್ಚಿಮ ಬಂಗಾಳದ ಬಕ್ರೀದ್… ಕರ್ನಾಟಕದಲ್ಲಿ ಇದಕ್ಕಿಂತ ಘೋರವಾಗಿ ಇರಬಹುದೇ ”)

একে ধৰণৰ পোষ্ট ফেচবুকতো পালো, সেইবোৰ  ইয়াতইয়াত আৰু  ইয়াত.পাব।

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভুৱা বুলি নিশ্চিত কৰে

আমি ভিডিওবোৰ ভালদৰে নিৰীক্ষণ কৰি তাত কিছু তথ্য পালো, যিবোৰে আমাক ভাবিবলৈ বাধ্য কৰিলে যে এই ভিডিও ভাৰতৰ নহয়।

প্ৰথমে, আমি গাড়ীখনৰ নম্বৰ প্লেটত আবুজা বুলি লিখা দেখিলো, আবুজা হ’ল নাইজেৰিয়াৰ ৰাজধানী।

ভিডিওটোৰ গাড়ীখনৰ নম্বৰ প্লেটৰ সৈতে নাইজেৰিয়াৰ গাড়ীৰ নম্বৰ প্লেটৰ ভিডিও ৰিজাই চোৱাত আমি কেতবোৰ বিশেষ তথ্য লাভ কৰিলো।

আমি ইয়াকো লক্ষ্য কৰিলো যে ভিডিওটোৰ গাড়ীখন ছাৰণ ষ্টেচন ৱেগনৰ ফকছৱেগন গাড়ী, এই গাড়ীখন ভাৰতত উপলব্ধ নহয়।

পৰবৰ্তী সময়ত ভিডিওটোৰ মূল ফ্ৰেম সমূহৰ ফটো কাটি লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি নাইজেৰিয়াৰ বেৱ ছাইট অটোজোচ. ত একেটা ভিডিও প্ৰচাৰ কৰা দেখিলো। তাত ২০২১ চনক ১৪ জুলাইত প্ৰকাশিত পোষ্টটোৰ শিৰোনামত লিখা আছে- “আবুজাত ছাৰণ ষ্টেচন ৱেগনৰ ফকছৱেগন (“WATCH: VW Station Wagon) গাড়ীত ৭টাকৈ গৰু উঠাই নিয়া দেখা গৈছে।”

বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি আবুজাৰ ছাৰণ ষ্টেচন ৱেগনৰ ফকছৱেগন গাড়ীত এবাৰতে সাতটাকৈ গৰু উঠাই নিয়া দেখা গৈছে।

আমি পুনৰ বিচৰাত নাইজেৰিয়াৰ এটা ইউটিউব চেনেলত ১৫ জুলাই ২-২১ত প্ৰকাশ পোৱা ভিডিও লাভ কৰিলো।

এনেকৈ, ওপৰৰ তথ্যসমূহৰ পৰা স্পষ্ট হল যে ভিডিওৰ গাড়ীখন নাইজেৰিয়াৰ আবুজাৰ, পশ্চিমবংগৰ নহয়।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক