সত্যতা নিৰূপনঃ থানেৰ ভিডিও এটা ভুৱা ব্যাখ্যাৰে ভাইৰেল হৈছে

0 326

এখন ফটো ফ্ৰেম হাতত লৈ এগৰাকী মহিলাই নিৰাপত্তাৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হোৱা ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। মহিলাগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ আৰু তেওঁ ভাৰত মাতাৰ ফটো এখন কাঢ়িবলৈ চেষ্টা কৰি থকাৰ লগতে গণতন্ত্ৰ দিৱসত জাতীয় পতাকা উত্তোলন কৰিবলৈ বাধা প্ৰয়োগ কৰা বুলি পোষ্টটোত দাবী কৰা হৈছে।

ভিডিওটোৰ সৈতে কেপচনত লিখা আছে- “মহাৰাষ্ট্ৰৰ এইগৰাকী মহিলাই জাতীয় পতাকা উত্তোলন কৰাত বাধা দিয়াৰ লগতে ভাৰত মাতাৰ ফটোখন কাঢ়িবলৈ চেষ্টা কৰিছে। আমি তেওঁলোকক দিয়া এনে স্বাধীনতা গ্ৰহণযোগ্য নহয়, এয়া সহ্য কৰি থকাও মূৰ্খতা।”

পোষ্টটোৰ লিংক ইয়াত পাব।

সত্যতা নিৰূপন

নিউজ মোবাইলে ভাইৰেল ভিডিও সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক বুলি প্ৰতিপন্ন কৰে।

মূল শব্দ প্ৰয়োগেৰে অনুসন্ধান কৰাত আমি ২০২২ৰ ২৭ জানুৱাৰীত নৱভাৰত টাইমচত প্ৰকাশিত এটা বাতৰি পালো। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি মহাৰাষ্ট্ৰৰ থানে অঞ্চলত এগৰাকী মহিলাই পূজাৰ অনুষ্ঠানত গণ্ডগোল লগাইছিল। বাতৰিটোত ইয়াকো কোৱা হৈছে যে মহিলাগৰাকীয়ে সেই সময়ত ভিডিও গ্ৰহণ কৰি থকা ফোনবোৰ কাঢ়িবলৈ চেষ্টা কৰিছিল মহিলাগৰাকীয়ে।

আৰু অধিক অনুসন্ধানত আমি দেখিলো টাইমচ নাও মাৰাঠীৰ এটা বাতৰিটোত একেটা ঘটনাৰ বাতৰি প্ৰচাৰ কৰা দেখিলো। বাতৰিটোত কোৱা হৈছে যে মানুহগৰাকীৰ মানসিক অৱস্থা ভাল নাছিল।

থানে মহানগৰ আৰক্ষীয়ে টুইটযোগে কৰা এটা প্ৰত্যুত্তৰত উল্লেখ কৰিছে যে আৰক্ষীৰ তৰফৰ পৰা এই সন্দৰ্ভত মহিলাগৰাকীৰ বিৰুদ্ধে উপলব্ধিযোগ্য (NC -a complaint about non-cognisable offences) ৰুজু কৰা হৈছে।

নিউজ মোবাইলে নিজাববীয়াকৈ কাপুৰৱাড়ী থানাৰ সৈতে যোগাযোগ কৰিছিল। থানাৰ পৰা কোৱা হৈছিল যে মহিলাগৰাকী মানসিক ভাবে অসুস্থ আৰু এই ঘটনা কোনো সাম্প্ৰদায়িক ভাবেৰে সংঘটিত হোৱা নাছিল। তেওঁলোকে ইয়াকো জনায় যে পাছত অটোচালকৰ সৈতে ভাড়া সংক্ৰান্তীয় বাক বিতাণ্ডাত লিপ্ত হোৱাৰ বাবে মহিলাগৰাকীৰ বিৰুদ্ধে দুটাকৈ এনচি ৰুজু কৰা হৈছে।

ওপৰৰ তথ্যসমূহ পৰ্যালোচনা কৰাত এয়া স্পষ্ট হৈ পৰিল যে ভিডিওটো ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক