সত্যতা নিৰূপণ : পুখুৰীৰ মাজত থকা বৃহত্ গাঁতৰ এই ভিডিওটো ব্ৰাজিলৰ, অসমৰ নহয়

0 772

এটা প্ৰকাণ্ড পুখুৰীৰ মাজত থকা বৃহত্ গাঁতৰ ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ভিডিওটো অসমৰ।   

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে- “নগাঁৱৰ সুতিৰপাৰ কাটাখাল ৰৌমাৰী বিলৰ আজৱ দৃশ্য।” 

ওপৰৰ পোষ্ট টোৰ লিংক ইয়াত আছে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেটা ভিডিও ইউ টিউবত ২০১৮ চনৰ জুলাইত আপলোড কৰা দেখা পালো। ভিডিওটোৰ সৈতে লিখা আছিল-  দে’ব’লনহা হ্ৰদ পানীৰে উপচি পৰিছে।

আমি দে’ব’লনহা হ্ৰদৰ বিভিন্ন কোণৰ পৰা গ্ৰহণ কৰা একেধৰণৰ আৰু অধিক ভিডিও দেখিলো। জিওটেগত ভিডিওটো ব্ৰাজিলৰ পাৰাৰ উতিংগা ষ্টেট পাৰ্কৰ বুলি উল্লেখ কৰা আছে। 

আৰু কেইটামান ব্লগ পোষ্ট আৰু বাতৰিত উল্লেখ থকা স্থানৰ পৰা স্পষ্ট হয় যে এই ভিডিওটো ব্ৰাজিলৰ পাৰাৰ উতিংগা ষ্টেট পাৰ্কৰ। সেইবোৰ ইয়াত আৰু ইয়াত পাব।

 

এই তথঅযই স্পষ্ট কৰে যে ভিডিওটো ব্ৰাজিলৰ, অসমৰ নহয়।  

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।