এটি সৰু লৰাক এগৰাকী বোৰ্খা পৰিহিত মহিলাই (প্ৰকৃততে এজন পুৰুষ) শিশু অপহৰণ কৰা দৃশ্য এটা বহুলভাবে সামাজিক মাধ্যমত ভাইৰেল হৈছে। এজন ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি এয়া সত্য ঘটনা বুলি দাবী কৰিছে।
ভিডিওটো ফেচবুকত শ্বেয়াৰ কৰি কেপচনত লিখিছে- “বোৰ্খাৰ আঁৰত কি কি ঘটনা সংঘটিত কৰিছে আপুনি নিজেই চাওক। সন্ত্ৰাসবাদৰ মুখা হল এই বোৰ্খা, অপৰাধ বৃদ্ধিতো অৰিহণা যোগায় বোৰ্খই, সেয়ে ভাৰতত বোৰ্খা নিষিদ্ধ হোৱা উচিত।”
ওপৰৰ পোষ্টট.টোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয়। এইটো পৰিকল্পিত আৰু এই দাবী সত্য নহয় বুলিও প্ৰতিপন্ন হয়।
ফেচবুক পোষ্টটো সুক্ষ্মভাবে নিৰীক্ষণ কৰাত দেখিলো, ভিডিওটোৰ তলফালে“মূল ছবিসমূহ ;চনু চৌধুৰী ফিস্মচত চাব পাৰিব” বুলি লিখা আছে। ইয়াৰ সূত্ৰ ধৰিয়েই আমি চনু চৌধুৰী ফিল্মচৰ প্ৰ’ফাইল অনুসন্ধান কৰিলো।
এই ফেচবুক পেজটোৰ ৩.৫ মিলিয়ন অনুৰাগী বা ফলোৱাৰ আছে, আৰু তাৰ নিজস্ব বৰ্ণনাত আছে- “প্ৰেংক বা কৌতুকমূলক ভিডিও, খুবুতীয়া ভিডিও, সত্য উদঙোৱা, চনু চৌধুৰী। ” ইনষ্টাাগ্ৰাম একেটা প্ৰ’ফাইলেই ব্যৱহাৰ কৰিছে।
এই ভিডিওটো ফেচবুক পেজ আৰু নিৰ্ধাৰিত ইউটিউব চেনেলত ২০২১ৰ ৪ জুলাইত আপলোড বা প্ৰচাৰ কৰা হৈছিল।
ভিডিওটোৰ ৪.৪৮ মিনিটত এটা ঘোষণা কৰা হৈছে, তাত লিখা আছে- “এই ভিডিওটোৰ বিষয়বস্তু মনোৰঞ্জনৰ বাবাহে।”.
ইয়াৰ পূৰ্বেও নিউজ মোবাইলে এনে ধৰণৰ নাটকীয় দৃশ্য বা কোনো বিষয়বস্তু সন্দৰ্ভত সজাগতামূলক ভিডিও সন্দৰ্ভত সত্যতা নিৰূপণ কৰি একে ধৰণৰ দাবী কৰা পোষ্টসমূহৰ সত্যাসত্য উদঙাই দিছিল। সেইবোৰ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
ওপৰত উল্লেখিত এই তথ্ সমূহে প্ৰমাণ কৰে য়ে পোষ্টটোত কৰা দাবী সম্পূৰ্ণ বিভ্ৰান্তিকৰ।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।