সত্যতা নিৰূপনঃ মেঘালয়ৰ বাছ দুৰ্ধটনাৰ পুৰণি ফটো শেহতীয়া ঘটনাৰ বুলি দাবী কৰা হৈছে

0 393

সামৰিক পোছাক পৰিহিত লোক কঢ়িওৱা বাছ এখনৰ দুৰ্ঘটনাৰ পুৰণি ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোত এয়া মেঘালয়ত সংঘটিত হোৱা দুৰ্ঘটনা আৰু এই ঘটনাত ১২জন জোৱান নিহত হোৱা বুলি দাবী কৰা হৈছে।

পোষ্টটোৰ সৈতে লিখা আছে-আজি মেঘালয়ৰ পাহাৰত সেনা কঢ়িওৱা এখন বাছ দুৰ্ঘটনাত পতিত হৈ প্ৰায় ১২গৰাকী জোৱান মৃত্যুমুখত পৰে।”.

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে ভাইৰেল পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক বুলি প্ৰতিপন্ন কৰে।

এই সন্দৰ্ভত অনুসন্ধান কৰাত আমি কেইবাটাও বাতৰি লাভ কৰিলো। নৰ্থইষ্ট নাওত ২০১৯ চনৰ ৩০ অক্টোবৰত প্ৰকাশিত বাতৰি অনুসৰি ২০গৰাকী বিএছএফ জোৱান কঢ়িওৱা এখন বাছ মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ থিয় গৰাত পৰি দুৰ্ঘটনাগ্ৰস্ত হয়।    

বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি ঘটনাটোত এজন অসামৰিক সহায়ক লোক মৃত্যুমুখত পৰাৰ লগতে ২০গৰাকী বিএছএফ জোৱানসহ ২২জন লোক আহত হয়।

অনুসন্ধানত আমি ২০১৯ চনৰ ২ নৱেম্বৰত প্ৰচাৰিত এটা ইউটিউব ভিডিও লাভ কৰিলো। ভিডিওটোৰ বিৱৰণিত থকা অনুসৰি ভিডিওটো মেঘালয়ৰ বাছ দুৰ্ঘটনাত বিএছএফ জোৱান আহত হোৱাৰ সময়ৰ।

আমাৰ অনুসন্ধানত শেহতীয়াকৈ মেঘালয়ত এনে কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি নাপালো। আৱশ্যে, অলপতে অৰুণাচল প্ৰদেশৰ টাৱাঙত তুষাৰপাতত আবদ্ধ হৈ ৭গৰাকী সেনা জোৱান মৃত্যু মুখত পৰাৰ বাতৰি লাভ কৰিলো।

এই সন্দৰ্ভত প্ৰকাশিত বাতৰি ইয়াত আৰু ইয়াত পাব।

 

ইয়াৰ পূৰ্বেও নিউজ মোবাইলে ২০২০ৰ জুন মাহৰ লাডাখৰ গলৱে উপত্যকাত ভাৰতীয় সেনা-চীনা সেনাৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সৈতে সাঙোৰা এটা পোষ্ট সন্দৰ্ভত সত্যতা নিৰবপণ কৰি সেয়া ভুৱা বুলি প্ৰতিপন্ন কৰিছিল

Fact Check: Old video of a bus accident re-shared as injured Indian soldiers in Ladakh

ওপৰৰ তথ্যই প্ৰমাণ কৰে, ভাইৰেল হোৱা পোষ্টটো অসত্য, ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক