সত্যতা নিৰূপণ: দিল্লীৰ ছাত্ৰ সংগঠনৰ পুৰণি কাজিয়াৰ ফটো গোষ্ঠী সংঘৰ্ষৰ বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে

0 219

একাংশ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ কৰা এখন ফটো সামাদিক মাধ্যমত ভাইৰেল হৈছে, ফটোখনৰ সৈতে দাবী কৰা হৈছে যে এই ফটোখনত সাম্প্ৰতিক ভাৰতত সংখ্যালঘুসকলৰ ওপৰত চলোৱা অত্যাচাৰৰ ছবি দেখা গৈচে।

ফেচবুকত প্ৰচাৰিত ফটোখনৰ সৈতে আৰবী ভাষাত লিখা কেপচনত আছে- “ভাৰতত মুছলমানসকল ওপৰত কি চলি আছে তাকে লৈ কাৰোৱেই অনুকম্পা নাইনে?!”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট ইয়াতইয়াত আৰু  ইয়াত আছে।সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি গেটী ইমেজেছ ত প্ৰচাৰিত ভাইৰেল ফটোখন পালো। তাৰ কেপচনত আছে-“ ভাৰতৰ নতুন দিল্লীৰ দিল্লীবিশ্ব বিদ্যালয়ত ২২ ফেব্ৰুৱাৰী ২০১৭ চনত  ABVP, AISA আৰু অইন শিক্ষাৰ্থীৰ মাজত হোৱা সংঘৰ্ষ।”

আৰু অধক বিচাৰ কৰাত আমি হিন্দুস্তান টাইমচত ২০১৭ চনৰ ৪ মাৰ্চত প্ৰচাৰিত এটা বাতৰিত একেখন ফটো দেখিলো। তাত প্ৰচাৰিত বাতৰিটো অনুসৰি  “শিক্ষক সংঘই RSS স্বীকৃত ছাত্ৰ সংগঠন অখিল বাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) ৰ সদস্যৰ সৈতে  ৰামজচ কলেজৰ শিক্ষাৰ্থীসকলৰ আৰু SFI, AISA সংগঠনৰ সদস্যৰ সৈতে হোৱা সংঘৰ্ষৰ তদন্ত দাবী কৰিছে। ABVPয়ে ৰামজচ কলেজৰ সাহিত্য উত্সবলৈ জে এন ইউৰ শিক্ষাৰ্থী ওমৰ খালিদ আৰু শেহলা ৰচিদক নিমন্ত্ৰণ জনোৱাৰ বিৰোধিতা কৰিছিল।”

ABVP, AISA  আৰু দিল্লী বিস্ববিদ্যালয়ৰ অইন শিক্ষাৰ্থীসকলৰ মাজত হোৱা সংঘৰ্ষৰ একে ধৰণৰ ফটো প্ৰচাৰ কৰা কেইটামান পোষ্টৰ লিংক ইয়াত আছে।

এইসমূহ তথ্যৰ পৰা স্পষ্ট হৈ পৰিল যে ফটোখন দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষৰ্থীৰ মাজত হোৱা সংঘৰ্ষহে ফটো। সেয়ে, ভাইৰেল ফটোখনৰ সৈতে কৰা দাবী ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক