সত্যতা নিৰূপণ: নহয়, ৰাকেশ ঝুনঝুনৱালাই নচা ভিডিওটো তেওঁৰ জীৱনৰ শেষ ভিডিও নহয়

0 312

ভাৰতৰ কোটিপতি ঢনাঢ্য ব্যৱসায়ী, ষ্টক ব্যৱসায়ী আৰু বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালাৰ যোৱা ১৪ আগষ্ট ২০২২ত হৃদ ৰোগত মৃত্যু হয়।    

এনে সময়তে ৰাকেশ ঝুনঝুনৱালাই নাচি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোৰ সৈতে দাবী কৰা হৈছে যে এইটো তেওঁৰ জীৱনৰ শেষ ভিডিও। পোষ্টটোৰ সৈতে থকা কেপচনত আছে- কালি মৃত্যু হোৱা, ৪৫০০০ কোটি টকা এৰি থৈ যোৱা মিঃৰাকেশ ঝুনঝুনৱালাই কিছুদিন পূৰ্বে ৰেকৰ্ড কৰা জীৱনৰ শেষৰটো ভিডিও… জীৱনটো অনিশ্চয়তাৰে ভৰা। কোনো টকা-পইচাকে জীৱন ৰক্ষা কৰিব নোৱাৰি, তেন্তে এনেয়ে নষ্ট কৰি লাভ কি!”

ওপৰৰ পোষ্টটো ইয়াত. চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

সঠিক কী ৱৰ্ড বা মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত আমি ২০২১ৰ ১৫ আগষ্টত @Indiawanttoknow (ইণ্ডিয়াৱাণ্টচটুন’)ৰ নামৰ টুইটাৰ হেণ্ডেলত দ্বাৰা পোষ্ট কৰা এটা টুইটত  দেখা পালো। তাৰ সৈতে কেপচনত লিখা আছে- যিজন মানুহে (ৰাকেশ ঝুনঝুনৱালা) ষ্টক মাৰ্কেটক নচুৱাই থাকে, সেই মানুহজনেই নাচিছে।

আমি ভাইৰেল ভিডিওটো  বিজনেছ টুডেতো কেপচননসহ প্ৰচাৰ কৰা দৈখিলো। তাত আছিল-২০২১ত ৫ জুলাইত তেওঁৰ জন্মদিনৰ দিনা ৰেকৰ্ড কৰা আপুৰুগীয়া ভিডিও।

মিডিয়া নিউজ অৰ্গেনাইজেছনচ এও এই ভাইৰেল ভিডিওটো পুৰণি বুলি প্ৰকাশ কৰিছে।

আমি লগতে দেখিব পাৰিলো যে তেওঁ ৭ আগষ্টত আহমেদাবাদত মুম্বাই আৰু আহমেদাবাদৰ মাজত চলিবলগীয়া আকাশ এয়াৰ ফ্লাইটৰ উদ্ভোধনী অনুষ্ঠানত  ৰাজহুৱাকৈ দেখা দিছিল । 

সেয়ে, আমি স্পষ্টকে জানিব পাৰলো যে এই ভাইৰেল ভিডিওটোপুৰণি।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।