সত্যতা নিৰূপণ: নহয়, ভাইৰেল হোৱা এই ফটোখন ফ্ৰাঞ্চৰ প্ৰতিষেধক বিৰোধী প্ৰতিবাদৰ ফটো নহয়

0 305

সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে এটা পোষ্ট। পোষ্টটোত ৰাস্তাৰ ওপৰত বিশাল জনসমাগম দেখা গৈছে।

ফটোখনৰ সৈতে এটা কেপচনো দিয়া হৈছে, য’ত ফটোখন ফ্ৰাঞ্চৰ প্ৰতিষেধক বিৰোধী সমাবেশৰ ফটো বুলি ইংগিত দিয়া হৈছে। কেপচনত লিখিছে- “ৰাজপথত ফ্ৰাঞ্চ!!”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট ইয়াতইয়াত আৰু ইয়াত আছে।.

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভুৱা বুলি নিশ্চিত কৰে

ফটোখন লৈ আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত একেখন ফটো  কোৰি টিভিয়ে. প্ৰচাৰ কৰা দেখা পালো। বাতৰিটৰ শিৰোনামত পৰ্তুগীজ ভাষাত লিখা আছে, ফ্ৰা়্ঞ্চ বিশ্ব শ্বেম্পিয়ন পেৰিছত জনতাৰ আনন্দোত্সব

আন এখন পত্ৰিকা  গেডেটা স্পোৰ্টিৱা ত কেপচনসহ একেখন ফটো প্ৰচাৰ হৈছিল।  তাৰ শিৰোনামত লিখা আছিল  “ফ্ৰাঞ্চ আৰু ক্ৰোৱেছিয় সমৰ্থক সকলৰ ফটো চাওক, বিশ্বৰ সৰ্বত্ৰ আনন্দোত্সব।”

ইউৰোপীয়ান প্ৰেছ ফটো এজেন্সিয়েও একে ধৰণৰ ফটো কেপচনসহ প্ৰকাশ কৰিছে-“চেম্প ইলিছিচৰ ফিফা ২০১৮ৰ বিশ্বকাপ খেলৰ ২০১৮ চনৰ ১৫ জুলাইত অনুষ্ঠিত ফ্ৰাঞ্চ-ক্ৰোৱেছিয়াৰ মাজৰ ফাইনেলত জয়ী ফ্ৰাঞ্চৰ সমৰ্থক এজনে নিজ দেশৰ পতাকা উৰুৱাইছে।”

দেখা গ’ল, ফটোখন প্ৰকৃততে ২০১৮চনৰ, ফ্ৰাঞ্চে ফিফা বিশ্বকাপত বিজয়ী হোৱাৰ সময়ত আৰু ইয়াৰ লগত ফ্ৰাঞ্চৰ কোভিড ১৯ৰ প্ৰতিষেধক বা টিকাকৰণ বিৰোধী প্ৰতিবাদৰ কোনো সম্পৰ্ক নাই।

ইয়াৰ পূৰ্বেও নিউজ মোবাইলে অনুৰূপ ভুৱা ভিডিও এটাৰ সত্যতা নিৰূপণ কৰি ভিডিওটোৰ সৈতে কৰা ফ্ৰাঞ্চৰ কোভিড ১৯ৰ প্ৰতিষেধক বা টিকাকৰণ বিৰোধী প্ৰতিবাদৰ দৃশ্য বুলি কৰা দাবী যে অমূলক সেয়া প্ৰতিবপন্ন কৰা হৈছিল।

সত্যতা নিৰূপণ: কেনিয়াৰ ভিডিও এটা ফ্ৰাঞ্চৰ টিকাকৰণ বিৰোধী ভিডিও বুলি প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক