সত্যতা নিৰূপনঃ: নহয়, এই ভিডিওটোত দেখা মানুহজন অসমৰ এজন মন্ত্ৰী নহয়

0 576

এজন মানুহে বলিউডৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু আন কেতবোৰ বিষয় সন্দৰ্ভত কথা কৈ থকা এটা ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰিত হৈছে। ভিডিওটো শ্বেয়াৰ কৰি এয়া অসমৰ এজন মন্ত্ৰীৰ ভাষ্য বুলি দাবী কৰিছে।

ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে- *অসমৰ এজন মন্ত্ৰীৰ আটাইতকৈ সৰু ভাষণ, যিটো ভাষণত তেওঁ কোনো কাৰণ নোহোৱাকৈ সকলো প্ৰসংগতেই মন্তব্য কৰি বুজাই দিছে!* *ভাবা, বুজা, বুজক…* *আৰু আপোনাৰ কণ্টেক্ট লিষ্টত থকা সকলোলৈ এয়া প্ৰেৰণ কৰক…*

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। 

 

সত্যতা নিৰূপণ

এই ভাইৰেল ভিডিও সন্দৰ্ভত সত্যতা নিৰূপণ কৰি ভিডিওটো ভুৱা দাবীৰে প্ৰচাৰ কৰা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোত বাওঁফালে ওপৰত পইণ্ডিয়া(‘OpIndia’)ৰ লোগো সকলোৱে স্পষ্টকৈ দেখিব। এই উত্সৰ পৰাই আমি মূল শব্দ বা কী ৱৰ্ড ব্যৱহাৰ কৰি অনুসন্ধান কৰিলো।এই অনুসন্ধানৰ ফলত আমি অপইণ্ডিয়া হিন্দী ইউটিউব চেনেলত ২০২১ৰ ২৪ জুলাইত প্ৰচাৰিত এই ভাইৰেল ভিডিওটোৰ পূৰ্ণ দৈৰ্য্যৰ ভিডিওটো লাভ কৰিলো। ভিডিওটোৰ বিৱৰণি মতে ষ্টেণ্ড আপ কমেডি কৰা এই লোকজনৰ নাম নীতিন গুপ্তা।

 

<iframe width=”696″ height=”391″ src=”https://www.youtube.com/embed/UNfLcrO9kjQ” title=”Forced Conversions || Ep 2A – Women, Cities & Temples || Ft. Nitin Gupta” frameborder=”0″ allow=”accelerometer; autoplay; clipboard-write; encrypted-media; gyroscope; picture-in-picture” allowfullscreen></iframe>

 

লিংকেডিনৰ প্ৰফাইল অনুসৰি নীতিন গুপ্তা হল দ্য হিউমাৰ বীইংছনামৰ ষ্টেণ্ড আপ কমেডি কৰা, অৰ্থাত্ কোনো অনুষ্ঠানত মঞ্চত থিয় হৈ কৌতুক কৰা এটা সংগঠনৰ প্ৰতিষ্ঠাপক।

সেয়ে, এয়া স্পষ্ট হল যে ভিডিওটোৰ লোকজন নীতিন গুপ্তাহে, ভিডিওটো ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।