সত্যতা নিৰূপনঃ নহয়, অৰবিন্দ কেজৰিৱালে ৰাইজক শিৰোমণি আকালী দলক ভোট দিবলৈ আহ্বান জনোৱা নাই

0 359

পাঞ্জাব বিধান সবা নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে আম আদমী পাৰ্টীৰ মুৰব্বী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত স্থানীয় ভাষাত তেওঁ শিৰোমণি আকালী দলক ভোট দিবলৈ আহ্বান কৰা ষুনা গৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটোৰ সৈতে পাঞ্জাবী ভাষাতেই কেপচনত লিখিছে- “কেজৰিৱালেও শিৰোমণি আকালী দলক প্ৰশংসা নকৰি নোৱাৰিলে।”

একেধৰণৰ দাবীৰে কেইবাগৰাকীও ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰিছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে ভাইৰেল ভিডিও সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক বুলি প্ৰতিপন্ন কৰে।

ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত আমি ভিডিওটোৰ পূৰ্ণ সংস্কৰণ লাভ কৰিলো।দুই মিনিটৰ ভিডিওটো পঞ্জাব আম আদমী পাৰ্টীৰ নিজা টুইটাৰ হেণ্ডেলত ২০২২ৰ ৮ ফেব্ৰুৱাৰীত প্ৰচাৰ কৰা হৈছিল। ভাইৰেল হোৱা ভিডিওখিনি মূল ভিডিওৰ পৰা সম্পাদনা কৰি কাটি উলিওৱা হৈছিল।

ভিডিওটোত কেজৰিৱালে পাঞ্জাবী ভাষাত দিয়া ভাষণত প্ৰকৃততে শিৰোমণি আকালী দলক ভোট দিবলৈ আহ্বান জনোৱা নাছিল।  তেওঁ পাঞ্জাবী ভাষাতেই কৈছিল- “আপুনি আকালী দলৰ সমৰ্থক নেকি?  আপুনি আকালী দলক ভোট দিয়ে নেকি?  ভয় নাখাব। মই আপোনাক আকালী দল এৰিবলৈ বা আম আদমী পাৰ্টীত যোগ দিবলৈ নকও। মোৰ চৰফৰ পৰা আপোনালৈ এটাই অনুৰোধ, এইবাৰ ‘ঝাড়ু’ক ভোট দিয়ক। আপুনি হয়তো সুধিব কিয়। আকালী দলে ১৯ বছৰ শাসন কৰিলে। ১৯ বছৰ কম নহয়। এই কেইবছৰত তেওঁলোকে যিমান কৰিব লগা আছিল কৰিলে। তেওঁলোকক আৰু পাছ বছৰ দিলে তেওঁলোকৰ বাবে একো কৰিবলৈ নাথাকিব।

সম্পূৰ্ণ ভিডিওটো চোৱাৰ পাছত এয়া স্পষ্ট হ’ল যে কেজৰিৱালে শিৰোমণি আকালী দলক নহয়, ‘আপ’ক ভোট দিবলৈহে আহ্বান জনাইছে।

পঞ্জাবত ২০ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ আছে আৰু ১০ মাৰ্চত ভোট গণনা হ’ব।

শেষত ক’ব পাৰি যে ভিডিওটো সম্পাদিত কৰি উলিওৱা হৈছিল।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক