সত্যতা নিৰূপণ : চিনেমাৰ ক্লিপিঙকেই ভুৱা দাবীৰে ইউক্ৰেইন সেনাই চেচান যুদ্ধত সাধাৰণ লোকক হত্যা জৰা বুলি ক’ব বিচাৰিছে

0 396

ইউজ্ৰেইন-ৰাছিয়াৰ যুদ্ধ চলি থকাৰ সময়তে সেনা বাহিনীৰ লোকে সাধাৰণ ৰাইজক দুৰ্ব্যৱহাৰ কৰা এটা ভিডিও সামাজিক মাধ্যমত  ভাইৰেল হৈছে। পোষ্টটোত দাবী কৰা হৈছে যে এয়া চেচন যুদ্ধত ইউক্ৰেইন সেনাই সাধাৰণ লোকৰ ওপৰত চলোৱা দৃশ্য।

BBC ত প্ৰকাশিত এটা বাতৰি অনুসৰি ৰাছিয়াৰ উত্তৰ প্ৰান্তৰ কজাৰুৱা তেল সমৃদ্ধ এখন সৰু প্ৰদেশ। ১৯৯৪ চনত এইখন ৰাছিয়াৰ অধীনলৈ নিয়াৰ বাবে সংঘৰ্ষ আৰম্ভ হৈছিল আৰু ১৯৯৬ চনলৈ এই সংঘৰ্ষ চলিছিল। ইয়াৰ ফলশ্ৰুতিতেই ো্ৰথম চেচনীয় যুদ্ধৰ সূত্ৰপাত হৈছিল।  দ্বিতীয়  চেচনীয় যুদ্ধ ১৯৯৯ চনত আৰম্ভ হৈছিল আৰু ই ২০০০ চনলৈ চলিছিল। এই যুদ্ধত ৰাছিয়াৰ সৈন্যই চেচনীয়াৰ ৰাজধানী গ্ৰুঞ্জী দখল কৰিছিল।i

ভিডিওটোৰ সৈতে হিন্দীত কেপচন লিখিছে- “আপুনি জানেনে?  ইউক্हৰেইন সেনাই চেচনীয়াৰ ৰাইজৰ সৈতে যি কৰিছিল সেয়াই এতিয়া হৈ আছে; চেচীয়াত সোমাই ইউক্ৰেইন সেনাই  বৃদ্ধ লোকজনক হত্যা কৰিছিল; তাকো যি সময়ত লোকজনে পত্নীৰ সৈতে অল ফাতিহা পঢ়ি আছিল সেই সময়তে নিষ্ঠুৰ ভাবে হত্যা কৰিছিল ইউক্ৰেইন সেনাই। কথাতে কোৱা হয় যে সময়ে সকলোকে সমুচিত প্ৰত্যুত্তৰ দিয়ে।  সময়ৰ চকৰি আজি ওলোটাকৈ ঘুৰিছে। আগৰ সেই দৃশ্যপট আজি সলনি হৈছে। চেচনীয় সেনাই ৰুচ সেনাৰ সৈতে ইউক্ৰেইনত প্ৰবেশ কৰিছে। এতিয়া ভগৱানেও তেঁওলোকক প্ৰতিশোধ লোৱাৰ সুযোগ দিছে।”

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত পাব

সত্যতা নিৰূপণ

নিউজ মোবাইলে সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।

ইনভিড টুল ব্যৱহাৰ জৰি আমি ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্চ ইমেজ চাৰ্ছত দিলো। অনুসন্ধানত আমি ২০২০ চনৰ ১০ মাৰ্চৰ এটা টুইটাৰ থ্ৰেড বা ধাৰাবাহিক পালো। তাত ভাইৰেল ভিডিওটোৰ স্ক্ৰীণশ্বট দেখিলো। তাত লিখা আছিল-  “ইউক্ৰেইন বিৰোধী আন এক পোষ্ট এইকেইদিন প্ৰচাৰ হৈ আছে। “ক্ৰাইমছ” ছবিখনত ১৯৯৯ চনৰ চেচনীয় যুদ্ধত ইউক্ৰেইন সেনাৰ বৰ্শ্যবৰতাৰৰ ভিডিও প্ৰচাৰ কৰিছে। পোষ্টটোৰ লেখকৰ মতে কেডিৰ’ভে এতিয়া মুছলমানসকলৰ হকে প্ৰতিশোড ল’ব।

এই তথ্যৰ সহায়ত আমি বিচাৰ কৰোতে ২০২০ৰ ২৫ ফেব্ৰুৱাৰীত এটা ইউটিউব চেনেলত প্ৰচাৰিত ভিডিও এটা পালো। ভাইৰেল হোৱা ভিডিওটো মূল ভিডিওটোৰ ৩.৪৮ৰ পৰা ৫.৫ মিনিটৰ ভিতৰত আছে।  ভিডিওটোৰ বিবৰণোত আছে- , “পৰিচালক মাইকেলহাজনাভিচিয়াছ আৰু অভিনেত্ৰী (তেওঁৰ পত্নী) বেজোক একেলগে ৫টাকে অ’স্কাৰ লাভ কৰা যুদ্ধৰ ছবিখনত দেখা গৈছে। ছবিখনৰ কাহিনী ১৯৯৯ চনৰ ২য় চেচনীয় যুদ্ধৰ পৰা লোৱা,য’ত হিংসা হত্যাৰ কুৎসিত খেল দেখুওৱা হৈছে।”

আৰু অধিক অনুসন্ধানত আমি  France 24 ত ২০১৪ৰ ২১ নে’ত প্ৰচাৰিত বাতৰি পালো, য’ত উল্লেখ আছে “আজিৰ কাঁৰ প্ৰদৰ্শনী অনুষ্ঠানত আমি “দ্য আৰ্টিষ্ট” খ্যাত ফৰাচী পৰিচালক মাইকেল  হজনভিচিউাছৰ ছেচনীয় যুদ্নধ সন্তুদৰ্নভত নিৰ্মাণ কৰা, তথা অ’স্কৰ বিজয়ী ছবি দ্য  চাৰ্ছ উপভোগ কৰিম, য’ত তেঁওৰ অভিনেত্ৰী পত্নী বেৰেনিচ বেজোৱেও অভিনয় কৰিছে।”  ছবিখন IMDb ৰ দ্বাৰা সমীক্ষা আৰু তালিকাভুক্তও কৰা হৈছে।

ৰয়টাৰ্চত অলপতে প্ৰকাশিত বাতৰি অনুসৰি চেচনীয়াৰ মুৰব্বী তথা ৰাছিয়াৰ সুহৃদ ৰমজান  কাদিৰ’ভে ইউক্ৰেইনৰ বিৰুদ্ধে সৈন্য প্ৰেৰণ কৰা বুলি ঘোষণা কৰোছে।

ওপৰৰ তথ্যই প্ৰমাণ কৰে, ছবিৰ ক্লিপ ভাইৰেল কৰিচসামাজিক মাধ্যমত ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে

আপোনাৰো যদি কোনো বিষয় বা ঘটনা সন্দৰ্ভত সত্যতা নিৰূপণ কৰিব বিচাৰে, তেন্তে +91 11 7127 979l9 – এই নম্বৰত হোৱাটচ আপ কৰক।