সত্যতা নিৰূপণ: সভাইৰেল হোৱা এই ফটোখন আফগানিস্তানৰ চেণ্ট্ৰেল বেংকৰ গৱৰ্ণৰৰ নেকি? সত্য জানিবলৈ পঢ়ক

0 333

হাতত বন্দুক, সন্মুখত লেপটপ লৈ বহি থকা মানুহ এঝনৰ ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনত দাবী কৰা হৈছে যে এইখন আফগানিস্তান চেণ্ট্ৰেল বেংক ‘দা আফগানিস্তানবেংক’ৰ গবৰ্ণৰ হাজী মহম্মদ ইদ্ৰিছৰ ফটো।

তালিবানে আফগানিস্তান দখল কৰি ‘ইছলামিক এমিৰেট অৱ আফগানিস্তান’ নামেৰে অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰাৰ পাছত ফটোখন অধিক ভাইৰেল হৈছে।

ফটোখনৰ সৈতে থকা কেপচনত আছিল- “এই ভদ্ৰলোক আফগান চেণ্ট্ৰেল বেংকৰ নতুন সঞ্চালক হাজী মহম্মদ ইদ্ৰিছ তাৰ পাছত তেঁও কয়, মানুহজন এমজিএ বা বিটকইনলৈ যায়। মই ভাবো এমজিয়েই ভাল।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একেধৰণৰ পোষ্ট  ইয়াতইয়াত আৰু  ইয়াত আছে। .

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

আমি মূল শব্দ হাজী মহম্মদ ইদ্ৰিছ লিখি ইণ্টাৰনেটত অনুসন্ধান কৰাত গাল্ফ টুডে’ত ২০২১ চনৰ ৭ছেপ্তেম্বৰত প্ৰচাৰিত এখন ফটো লাভ কৰো, তাত লিখা আছিল “ছেণ্ট্ৰেল বেংকৰ গৱৰ্ণৰ হিচাপে হাজী মহম্মদ ইদ্ৰিছৰ নাম ঘোষণা কৰা হৈছে।“

ৰয়টাৰত প্ৰকাশিত এটা বাতৰিত তালিবানৰ জ্যেষ্ঠ নেতা এজনৰ উদ্ধৃতি দি কোৱা হৈছে যে ইদ্ৰিছ উত্তৰ প্ৰান্তৰ জাওজ্জিয়ান প্ৰদেশৰ বাসিন্দা। তেঁও লগতে কৈছে যে ২০১৬ চনত দ্ৰোণ আক্ৰমণত মৃত্যু ঘটা তালিবান নেতা মোল্লা আখটাৰৰ শাসনকালত বিত্তীয় বিষয়সমূহত কাম কৰাৰ অভিজ্ঞতা আছে।

হাজী মহম্মদ ইদ্ৰিছৰ এখন ফটো টিভি নাইন হিন্দীত ৯ ছেপ্তেম্বৰ ২০২১ত প্ৰকাশ পাইছিল।

আমি ভাইৰেল ফটোখন মূল ফটোখনৰ সৈতে ৰিজাই চোৱাত দুয়োখনত বেলেগ বেলেগ মানুহ থকা দেখা পালো।

লগতে, আমি দেখিলো, বাইৰেল ফটোখন ২০২১ চনৰ ১৮ আগষ্টত  @GabbarSinghৰ টুইটাৰ হেণ্ডেলৰ পৰা আপলোড কৰা। ইয়াৰ কেপচনত লিখা আছিল ‘শ্বুটিং (Shooting) এন ইমেইল।’

ভাইৰেল পোষ্টটোৰ ফটোখনৰ মানুহজনৰ পৰিচয় আমি উলিয়াব নোৱাৰিলো। কিন্তু এয়া স্পষ্ট হৈছে যে ভাইৰেল ফটোখন হাজী মহম্মদ ইদ্ৰিছৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক