সত্যতা নিৰুপণ: এই ভাইৰেল ভিডিওটোত প্ৰধানমন্ত্ৰী মোদীয়ে বেডমিণ্টন খেলাৰ দৃশ্য দেখুওৱা হৈছে নেকি? সত্য জানিবলৈ পঢ়ক

0 405

এজন ব্যক্তিয়ে বেডমিণ্টন খেলি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে; দাবী কৰা হৈছে যে বেডমিণ্টন খেলি থকা লোকজন প্ৰধানমন্ত্ৰী মোদী।

 

পোষ্টটোৰ কেপচনত লিখা আছে- ” ভাৰতৰ গৌৰবে বেডমিণ্টনৰ ক্ষেত্ৰতো নিজৰ পাৰদৰ্শিতা দেকজুৱাইছে”

 

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

যথাযথ ভাবে মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত আমি এজন ফেচবুক ব্যৱহাৰকাৰী য়ে ২০২২ চনৰ ৩ জানুৱাৰীত একেটা ভিডিও প্ৰচাৰ কৰা দেখিলো।  তাৰ কেপচনত লিখা আছে হাৰিয়ানাৰ বিজেপি মুখ্যমন্ত্ৰী খট্টৰ।”

মূল শব্দ  “খট্টে বেডমিণ্টন খেলি আছে  ( “khattar playing badminton”) লিখি অনুসন্ধান কৰাত আমি  হিন্দুস্তান কাইভtত ৩ জানুৱাৰী ২০২ত প্ৰচাৰিত এটা ভিডিও পালো। ভিডিওটোৰ বিৱৰণিত লিখা আছে-“হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰে পঞ্চকুলাত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযিগিতাৰ উদ্ধোধনী অনুষ্টানত বেডমিণ্টন খেলা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।”

ANI তো হাৰিয়ানাৰ মুখমন্ত্ৰীয়ে বেডমিণ্টন খেলি থকা এখন ফটো টুইটাৰ যোগে প্ৰচাৰ জৰা হৈছিল। ফটোৰ কেপচনত আছে- “হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰে আজি কৰ্ণালৰ সামুহিক কেন্দ্ৰত টেনিচ আৰু বেডমিণ্টন কোৰ্ট মুকলি কৰে। এই অনুষ্ঠানতে তেওঁ বেডমিণ্টন খেলে।”

এই তথ্যসমূহে প্ৰমান কৰে ভাইৰেল ভিডিওটোত দেখা লোকজন হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰহে, প্ৰধানমন্ত্ৰী মোদী নহয়।

আপোনাৰো যদি কোনো বাতৰি বা তথ্যৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799 নম্বৰত হোৱাটচ আপ কৰক।