সত্যতা নিৰূপনঃ লক্ষ্ণৌত লকডাউন উলংঘাকাৰীৰ ওফৰত লাঠি চলনা কৰা ২০২০ৰ পুৰণি ভিডিওকেই সাম্প্ৰদায়িক ৰহন সানি ভাইৰেল কৰা হৈছে

0 433

আৰক্ষীয়ে মানুহক খেদা আৰু গ্ৰেপ্তাৰ কৰা এটা এটা ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে উত্তৰ প্ৰদেশৰ শহৰণপুৰত নামাজৰ পাছত শ্লগান দি সমদল উলিওৱা একাংশ লোকক আৰক্ষীয়ে বাধা দিছে।

ভিডিওটোৰ কেপচনত আছে- “কালি বাবাজীয়ে শহৰণপুৰক শিমলা বনাই দিলে। গৰম নোহোৱা কৰি দিলে। শেষৰটো নামাজৰ পাছত কেইজনমান লোকে অধিক গৰম কৰি ৰাজপথত শ্লগান দি আছিল। পাছত বাবাই শহনপুৰ কিদৰে ঠাণ্ডা কৰিলে চাওক।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।.

সত্যতা নিৰূপন

নিউজ মোবাইলে এই   সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই ভিডিওটো পুৰণি বুলি প্ৰতিপন্ন কৰে।

আমি ভিডিওটোৰ কী ফ্ৰেমবোৰৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত এনডি টিভিত ২০২০ৰ ৬ এপ্ৰিলত প্ৰচাৰিত এটা বাতৰিত এই ভিডিওটো দেখা পালো। 

বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি উত্তৰ প্ৰদেশৰ বাৰেইলীত লকডাউন উলংঘা কৰা একাংশ লোকক আৰক্ষীয়ে লক ডাউনৰ নিয়ম, বাধ্যবাধকতা মানি চলিবলৈ নিৰ্দেশ দিয়াত তেওঁলোকে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়।  

নিউজ 24 নামৰ চেনেলটোৱেও একেটা বাতৰি ২০২০ৰ এপ্ৰিলত প্ৰচাৰ কৰিছিল। বাতৰিটোত ৰাইজৰ আক্ৰমণত কেইজনমান আৰক্ষীৰ লোক আহত হোৱাৰ পাছত আৰক্ষীয়ে অতিৰিক্ত আৰক্ষীৰ লোক মাতি পঠিয়ায়।    

একেদৰে  নিউজ 18 ৰ বাতৰি অনুসৰি এই ঘটনাটো বাৰেইলী জিলাৰ কৰমপুৰ চৌধুৰী গাঁৱত এই ঘটনা সংঘটিত হয়, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৪০-৫০জন লোকক আটক কৰে।

এইদৰে প্ৰমাণ হয় যে ভাইৰেল ভিডিওটো পুৰণি আৰু এই পুৰণি ভিডিওটোকেই ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক