সত্যতা নিৰূপণ:  সত্যশ্ৰীনগৰ-দিল্লী ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা বুলি দাবী কৰা ভাইৰেল ক্লিপটো বিভ্ৰান্তিকৰ

0 221

এখন প্ৰকাণ্ড দলঙৰ ভিডিও সামাজিক মাধ্যমত বহুলভাবে প্ৰচাৰ হৈছে।  বহুতে এয়া অলপতে নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪৪ নং শ্ৰীনগৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথৰ ভিডি বুলি দাবী কৰিছে।

এজনে পোষ্টটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: শ্ৰীনগৰ-দিল্লীৰ মাজৰ ৪৪ ৰাষ্ট্ৰীয়ঘাইপথৰ বাবে নেহৰুলৈ ধন্যবাদ।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে  এটা  X পোষ্ট লাভ কৰে, যত ভিডিওটোত থকা ফটোবোৰ শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত বৰ্ণনা কৰা অনুসৰি এই ১,৪২৭ মিটাৰ দৈৰ্ঘৰ দলংখন চীনৰ গুইজু পৰদেশৰ জুনইৰ ডাফাগু দলং। 

আমি একেখন দলঙৰ ফটো সংলগ্ন কৰা আন এটা বাতৰি  লাভ কৰিলো। বাতৰি টোৱে স্পষ্ট কৰি দিয়ে যে দলংখন চীনৰ ৰেনহহুৱাই-জুনই এক্সপ্ৰেছ হাইৱেৰ।

এনেদৰেই স্পষ্ট হয়, শ্ৰীনগৰ- দিল্লীৰ মাজৰ ৪৪ নং ৰাষ্ট্ৰীয়ঘাইপথ ৱুলি দাবী কৰা ৰাষ্ট্ৰীয় ঘাইপথটো প্ৰকৃততে চীনৰহে।