সত্যতা নিৰূপণ: ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে পেলেষ্টাইনৰ পতাকা উৰুৱাই থকা ভাইৰেল ফটোখন ডিজিটেল মাধ্যমেৰে সম্পাদিত

0 235

ফুটবল চুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে  “I Love Palestine” মাজতে লিখা থকা ইজৰাইলৰ পতাকা এখন উৰুৱাই থকা বুলি অভিযোগ কৰা এখন ফটো সামাজিক মাধ্যমত বহুল প্ৰচাৰিত হৈছে।

ওপৰৰ পোষ্টটো  ইয়াত (আৰ্কাইভ) পাব।

FACT CHECK

নিউজ মোবাইলে  এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই ফটোখন AIৰ দ্বাৰা সম্পাদিত বুলি প্ৰতিপন্ন কৰে।  

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত কোনো ধৰণৰ বাতৰি বা তথ্যপোৱা নগ’ল।  ৰোনাল্ডোৰ দৰে বিশ্ব বিখ্যাত ব্যক্তিয়ে তেনে কাম কৰাহেতেঁতেন এয়া বিশ্বজুৰি খবৰৰ শিৰোনাম দখল কৰিলেহেঁতেন।

প্ৰথম দৃষ্টিত ফটোখন আচল যেন লাগে। কিন্তু সুক্ষ্মভাৱে চালে তাত বহু বিসংগতি দেখা যায়, যিয়ে ফটোখন AIৰ দ্বাৰা সম্পাদনা কৰাৰ ইংগিত দিয়ে।

ইয়াৰোপৰি WasItAI নামৰ- AI-নিৰ্ণায়ক সজুলিৰ দ্বাৰা পৰীক্ষা কৰোঁতেওফটোখন কৃত্ৰিম ভাৱে সম্পাদনা কৰা বুলি স্পষ্ট হয়।

সেয়ে আমি স্পষ্টকৈ কৈ দিব পাৰোঁ যে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ইজৰাইলৰ পতাকা এখন উৰুৱাই থকা বুলি দাবী কৰা ফটোখন ডিজিটেল মাধ্যমেৰে সম্পাদিত।