সত্যতা নিৰূপণ: শ্বেইখ হাছিনা ভাৰতত উপস্থিত হৈ আৱেগিক হৈ পৰা বুলি দাবী কৰা পোষ্টটো ভুৱা

0 147

বাংলাদেশত সৰ্বত্ৰ চলা হিংসাত্মক প্ৰতিবাদৰ পাছত পৰ্ৰধানমন্ত্ৰা শ্বেইখ হাছিনাই পদত্যাগ কৰে। বাংলাদেশ সেনাৰধ্যক্ষ ৱাকাৰ উজ জামানে ৰাষ্ট্ৰীয় টেলিভিছনত পদত্যাগ সন্দৰ্ভত ঘোষণা কৰাৰ লগতে সেনাই শাসনভাৰ লোৱা বুলিও ঘোষণা কৰে। এনে সময়তে হাছিনাই কান্দি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে দাবী কৰিছে যে ভাৰতত উপস্থিত হোৱাৰ পাছত হাছিনা এনেদৰে কান্দোনত ভাগি পৰে।

ফেছবুক ব্যৱহাৰকাৰী এজনে ভাইৰেল ভিডিওটো পোষ্ট কৰি  (আৰ্কাইভ লিংক) কেপচনত লিখিছে

শেহতীয়া তথ্য: বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ পাছত সেনাই শাসনভাৰ দখল কৰে। 

বাংলাদেশৰ সদ্য-প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা ভাৰতত প্ৰৱেশ কৰাৰ পাছত প্ৰথমখন ছবি। ভিডিওটোত তেওঁক কান্দি থছকা দেখা গৈছে।

নাইজেৰিয়াৰ ঘটনাৰ পুনাবৃত্তি হওক।   …”



পোষ্টটো
 ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত  নিউজ মোবাইলৰ  দলে বাংলাদেশৰ কেইবাটাও সংবাদ মাধ্যমে জুলাই ২০২৪ত একেখন ফটো সংলগ্ন কৰা দেখা পালে।    দ়্য ডেইলি ছান ৰ ২৫ জুলাই ২০২৪ৰ সংখ্যাতো ফটোখন সন্নিবিষ্ট হৈছিল। তাত কোবা হৈছিল যে শ্বেইখ হাছিনাই মীৰপুৰৰ মেট্ৰো ৰে’ল পথৰ ভগ্নাৱশেষ চাবলৈ গৈছিল। ষ্টেচনটো সেই সময়ৰ ছাত্ৰৰ সংৰক্ষণ বিৰোধী আন্দোলনৰ হিংসাত্মক কাণ্ডত সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছিল।  

এই ফটোখন ভাইৰেল ফটোখনৰ সৈতে হুবহু মিল আছে আৰু ফটোখন প্ৰকাশৰ তাৰিখ হাছিনাই পদত্যাগ কৰাৰ দিনৰ বহু আগৰ। প্ৰতিবাদকাৰীৰ ধ্বংসাত্মক কাৰ্য দেখি তেওঁ আবেগিক হৈ পৰিছিল। প্ৰসংগক্ৰমে তেওঁ কৈছিল ষড়যন্ত্ৰকাৰীসকলে দেশখন ৱহু পিছুৱাই নিলে।

আৰু অধিক অনুসন্ধানত আমি  AFP প্ৰচাৰিত আন এখন ফটো লাভ কৰিলো। ইয়াত স্পষ্টভাবে উল্লেখ আছে ফটোখন বাংলাদেশ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ২৫ জুলাই ২০২৪ত প্ৰকাশ কৰিছিল।

এই তথ্যৰ পৰাই কব পাৰি য়ে শ্বেইখ হাছিনা ভাৰতত উপস্থিত হৈ আবেগিক হৈ পৰা দাবী ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel