পথৰ ওপৰেৰ নাগ সাধুৰ এটা দলে খোজকাঢ়ি যোৱা ভিডিও এটা সামাজিক মাদ্যমত ভাইৰেল হৈছে। বহুতে দাবী কৰিছে যে বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ ৱিৰুদ্ধে প্ৰতিবাদী সমদলত নাগ সাধুসকলে অংশ লৈছে।
ফেচবুক ব্যৱহাৰকাৰী এজনে ভাইৰেল পোষ্টটো আপলোড কৰি (আৰ্কাইভ লিংক) কেপচনত লিখিছে:
বাংলাদেশী হিন্দুৰ ৰক্ষাৰ বাবে ওলাই আহিছে আমাৰ নাগ সাধুসকল। এঁওলোকে জেহাদীসকলৰ মাংস ভক্ষণ কৰি মহাদেৱৰ আৰতি কৰিব।
পোষ্টটো ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।
ভিডিওৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে এটা অচিনাকি একাউণ্টৰ ফেচবুক পোষ্ট দেখা পালে। পোষ্টটো ২০২১ৰ ১১ মাৰ্চৰ। ভিডিওত থকা দৃশ্যৰ সৈতে মিল থকা কী-ৱৰ্ড ব্যৱহাৰ কৰি অনুসন্ধান কৰাত ভিডিওটোৰ বিৱৰণিত পোৱা গল সাধুসকল হৰ কী পৌড়ালৈ গৈ আছে। ২০২১ৰ মাৰ্চ মাহত কুম্ভৰ প্ৰথম স্নান কৰাৰ বাবে এওঁলোকে যাত্ৰা কৰিছিল।
আৰু অধিক অনুসন্ধানত আমি নবীন মিনজোনাৰ ইউটিফব চেনেলত ২০২১ৰ ১৩ মাৰ্চত প্ৰচাৰিত এটা ভিডিও দেখা পালো। এই ভিডিওটোও ২০২১ৰ মহাকুম্ভ স্নানৰ।
অৰ্থাত্ ২০২১ৰ পৰাই অন লাইন হৈ আছে, সেয়ে ইয়াক কোনো পধ্যে বাংলাদেশৰ শেহতীয়া ঘটনাবলীৰ সৈতে তুলনা কৰিব পৰা নাযায়।
এনেদৰেই বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ ৱিৰুদ্ধে প্ৰতিবাদী সমদলত নাগ সাধুসকলে অংশ লৈছে বুলি ভুৱা তথ্যৰ এই ভিডিওটো সত্য নহয় বুলি প্ৰমাণ হয়।
If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
Error: Contact form not found.