কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিমান যাত্ৰাৰ ব’ৰ্ডিং পাছ বুলি প্ৰচাৰ কৰা এখন ফটো শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ব’ৰ্ডিং পাছখন থাইলেণ্ডৰ ৰাজধানী বেংককলৈ যোৱাৰ তাৰিখ আছিল ৫ জুন, অৰ্থাৎ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনৰ এদিন পাছত। এগজিট প’লত বিজেপি আৰু মিত্ৰজোঁটে ৩৫০ৰো অধিক আসন লাভ কৰিব বুলি প্ৰচাৰ হোৱাৰ সম.তে এই ফটোখন ভাইৰেল হৈছিল।
ফেছবুক পোষ্টটোত লিখা আছিল: ৫ জুনত পাপুৱে বেংককলৈ যাব।
ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ)পাব।
সত্যতা নিৰূপণ
নিউজ মোৱাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।
আমি প্ৰথমতে লক্ষ্য কৰিলো যে ব’ৰ্ডিং পাছখনত দুখন বেলেগ বেলেগ বিমানৰ নম্বৰ আছে। ইয়েই প্ৰমাণ কৰে এইখন সম্পাদনা কৰা।
ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে লাইভ ফ্ৰম এ লাউঞ্জ ডট কম নামৰ বিমান সম্পৰ্কীয় বাতৰি আদি প্ৰচাৰ কৰা এটা অনলাইন ছাইটৰ এটা কলমত একেধৰণৰ ফটো এখন দেখা পালে।
“অনব’ৰ্ড ভিষ্টা টু ছিংগাপুৰ: প্রথমখন আন্তঃৰাষ্ট্ৰীয় বিমান!” বুলি লিখা এই কলমটো লিখিছিল অজয় অৱটনীয়ে। লাইভ ফ্ৰম এ লাউঞ্জৰ সম্পাদক জনে এই কলমটো ২০১৯ৰ ৭ আগষ্টত লিখিছিল। তাত অজয় অৱটনীয়ে প্ৰকাশ কৰিছিল: “২০১৫ চনত ভিয়াষ্টাৰাত আভ্যন্তৰীণ উৰণ যাত্ৰাৰ আৰম্ভনি হৈছিল। মোক এই বিমান চলোৱাৰ দায়িত্ৱ দিয়া হৈছিল। এয়াৰলাইনটোৱে অবশেষত ঘোষণা কৰিছিল যে ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় উৰণ আৰম্ভ কৰিব। মই কালি দিল্লী ছিংগাপুৰৰ বিমানৰ উৰণ পৰিচালনা কৰাৰ দৰেই সেই যাত্ৰাও পৰিচালনা কৰিছিলো।”
ভাইৰেল ফটোখন আৰু অৱটনীয়ে দিয়া ব’ৰ্ডিং পাছৰ ফটো খন ৰিজাই চোৱাত ভাইৰেল ফটোখন যে সম্পাদিত সেয়া ওলাই পৰে।
এনেদৰেই এয়া স্পষ্ট হৈ পৰে যে ৰাহুল গান্ধীয়ে ভিষ্টাৰা বিমানেৰে বেংককলৈ যাব ওলোৱা ব’ৰ্ডিং পাছৰ ফটো বুলি প্ৰচাৰ কৰা ভাইৰেল পোষ্টটোৰ ফটোখন প্ৰকৃততে সম্পাদনা কৰাহে।