সত্যতা নিৰূপনঃ ৰাহুল গান্ধীৰ ভিডিও ক্লিপ ভুৱা দাবীৰে ভাইৰেল হৈছে

0 222

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাষণৰ এটা ১৪ ছেকেণ্ডৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। তেওঁৰ ভাষণত পেট্ৰোলৰ ইন্ধনেৰে ভাৰতীয় অৰ্থনীতিৰ ইঞ্জিন চলাব পাৰিব বুলি কোৱা শুনা যায়। এই ভিডিওটোকেই একাংশই আটা লিটাৰেৰে জোখাৰ চেষ্টা কৰা বুলি ঠাট্টা কৰিছে।

A Facebook usএজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে- মই ৰাহুল গান্ধীয়ে দিয়া ভাষণৰ বাবেই অপেক্ষা কৰি থাকো, কাৰণ যেতিয়াই এই মানুহজনে কিবা কথা কয়, মই পোষ্ট দিয়াৰ বাবে সমল বিচাৰি পাও। এতিয়া পেট্ৰোলেৰে ট্ৰেক্টৰো চলাব ৰাহুল বাবাই, এই কাম কেবল বাবাইহে কৰিব পাৰে। আটা লিটাৰ হিচাপত জুখিব পাৰে, পেট্ৰোলেৰে ট্ৰেক্টৰ-ট্ৰাক চলাব পাৰে।

এই পোষ্টটো  ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই ভিডিও সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমবোৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিজা টুইটাৰ হেণ্ডেলৰ পৰা ২০১৯ৰ ২০ এপ্ৰিলত দিয়া এটা টুইট লাভ কৰিলো। এই ভিডিওটোৰ ১২.০০ মিনিটৰ পৰা ভাইৰেল ভিডিওটো আৰম্ভ হৈছে। টুইটটোত উল্লেখ আছে যে ছত্তিশগড়ৰ ভিলাইত ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে ভাষণ দিয়াৰ সময়ৰ ভিডিও।

২৩ মিনিটৰ গান্ধীৰ এই ভিডিওটো সম্পূৰ্ণকৈ শুনাৰ পাছত পোহৰলৈ আহে, গান্ধীয়ে ভাষণত ভাৰতীয় জাতীয় কংগ্ৰেছৰ  ন্যায় আচনি ৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছিল। এই সময়তেই তেওঁ পেট্ৰোল আৰু ইঞ্জিনৰ প্ৰসংগ উল্লেখ কৰিছিল। পাছত ভিডিওটোৰ এই বিশেষ অংশটোকেই সম্পাদনা কৰি ৰাহুল গান্ধীক ঠাট্টা মস্কৰা কৰা হৈছে।

ভাইৰেল হোৱা ১৪ ছেকেণ্ডৰ এই ভিডিওটো পলিটিকেল হাব নামৰ এটা ইউটিউব চেনেলত ২০১৯ চনৰ ২০ এপ্ৰিলত প্ৰচাৰ হোৱা দেখা পালো। ভাষণটোৰ শিৰোনামত আছে-ছত্তিশগড়ৰ ভিলাইত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সভাত ৰাহুল গান্ধীৰ ভাষণ আৰু টুইটৰ ভিডিওৰ সৈতে মিল থকা দেখা গৈছে। ভাইৰেল ভিডিওটোৰ কী প্ৰেম আৰম্ভ হয় মূল ভিডিওৰ ১১.১২ মিনিটত।    

ইয়াতো ছত্তিশগড়ৰ ৰাইজৰ আগত ন্যায় আচনিৰ বিষয়ে পেট্ৰোল আৰু ইঞ্জিনৰ প্ৰসংগ লৈ ব্যাখ্যা আগবঢ়োৱাৰ কথা শুনিবলৈ পোৱা গৈছে।

https://youtu.be/POz1HYdQqns

শেষত আমি পায়নিয়াৰত ২০১৯ৰ ২০এপ্ৰিলত প্ৰচাৰিত আন এটা বাতৰি লাভ কৰিলো, তাৰ শিৰনামাত আছে- ভাৰতীয় অৰ্থনীতিত পেট্ৰোলৰ দ্বাৰা হব ন্যায় আচনিঃ ৰাহুল গান্ধী এই বাতৰিটোত ভিডিওটোৰ মূল কথাখিনি প্ৰকাশ হৈছে। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি দেশৰ প্ৰতিটো দুখীয়া পৰিয়াললৈ ৭২০০০ টকাকৈ প্ৰদান কৰা হব আৰু ই হব দাৰিদ্ৰ্যৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক     

সেয়ে, আমাৰ অনুসন্ধানৰ পৰা এয়া স্পষ্ট হল যে ৰাহুল গান্ধীয়ে পেট্ৰোলেৰে ভাৰতীয় অৰ্থনীতি গঢ়া আৰু ইঞ্জিন চলোৱা ভাষণটো উপযুক্ত প্ৰসংগ অবিহনে ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।