সত্যতা নিৰূপনঃ সৈতে দীপিকা- ৰণবীৰ সৈতে তেওঁলোকৰ কন্যা দুৱাৰ ফটো বুলি দাবী কৰা ফটো দুখন প্ৰকৃততে AIৰ দ্বাৰা সজোৱা

0 262

ৰণবীৰ সিং আৰু দীপিকা পাড়ুকনে কেচুৱা এটি লৈ থকা দুখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনৰ কেঁচুৱাটি তেওঁলোকৰ  কন্যা দুৱাৰ বুলি দাবী কৰা হৈছে।

কেপচনত লিখা আছে: “দীপিকা পাড়ুকন আৰু ৰণবীৰ সিঙৰ সৈতে কন্যা দুৱাৰ প্ৰথমখন ফটো।”

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাব পাৰিব। একেধৰণৰ আন পোষ্ট  ইয়াত, ইয়াত আৰু  ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা আৰু পোষ্টটো ডিজিটেল মাধ্যমেৰে সজোৱা বুলি স্পষ্ট কৰা হয়।

ভাইৰেল ফটোবোৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে দাবী কৰা ধৰণে কোনো বাতৰি লাভ নকৰিলে।

দীপিকা পাড়োকন আৰু ৰনৱীৰ সিঙৰ সামাজিক মাধ্যমৰ প্ৰফাইলতো তেনে কোনো ফটো দেখা পোৱা নগ’ল।  অৱশ্যে এই দম্পতীয়ে তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টত ১ নৱেম্বৰ ২০২৪ত তেওঁলোকৰ কন্যাৰ ভৰি দুখনৰ ফটো আপলোড কৰিছিল।

প্ৰথমতে ফটোখন সঁচা যেন লাগিছিল যদিও সুক্ষ্ম ভাবে চোৱাত ফটোখনত AIৰ দ্বাৰা নিৰ্মাণ কৰাৰ ইংগিত পোৱা গৈছে,-  উদাহৰণ স্বৰূপে পোহৰৰ তাৰতম্যতা,  মুখাৱয়বৰ ভিন্নতা ইত্যাদিয়ে এই শংকা গাঢঞ কৰে।

TrueMedia and Hive Moderationৰ দৰে AI প্ৰমাণ কৰাৰ আধুনিক প্ৰযুক্তিৰ সহায়েৰে পৰীক্ষা কৰাত ফটোখন কৃত্ৰিম ভাবে সজোৱা বুলি স্পষ্ট হয়।  বিশদ বিশ্লেষণ ইয়াত আৰু ইয়াত পাব।

শেষত স্পষ্ট হয়, ৰণবীৰ সিং আৰু দীপিকা পাড়ুকনে কেচুৱা এটি লৈ থকা ফটো দুখন AIৰ দ্বা সম্পাদিত।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799