সত্যতা নিৰূপনঃ ‘ভাসমান’ সগাড়ী এখনৰ পুৰণি ভিডিও এটাকেই বাংগালুৰুৰ শেহতীয়া বানৰ ঘটনাৰ সৈতে সাঙোৰ খুৱাই দিয়া হৈছে

0 74

বাংগালুৰুকে ধৰি কৰ্ণাটকৰ প্ৰায় সকলো অঞ্চলতেই হোৱা প্ৰচুৰ বৃষ্টিপাতৰ ফলশ্ৰুতিত জলমগ্ন হৈ পৰিছে। ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি আৰু দুটা দিনৰ বাবে অব্যাহত থাকিব বৃষ্টিপাত।

এনে সময়তে এখন স্পোৰ্টচ কাৰ পানীত ভাহি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে, এই দৃশ্য বাংগালুৰুৰ বানৰ দৃসময়ৰ বুলিও দাবী কৰা হৈছে।

ভিডিওটো শ্বেয়াৰ কৰাৰ লগতে কেপচনত আছে-সকলোবোৰ#ইউনিকৰ্ণ #মিলিয়নাৰী #ষ্টাৰ্টআপ ফাউণ্ডাৰ এতিয়া ইয়াতেই আছে।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ইনভিড টুলৰ সহায়ত ভিডিওটোৰ মূল ফ্ৰেমৰ ফটো সংগ্ৰহ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। আমাৰ অনুসন্ধানত আমি ২০২২ৰ ৪ জুনত প্ৰচাৰিত এটা বাতৰি দেখা পালো, তাতো একেটা স্ক্ৰীণশ্বট বা ফটো প্ৰচাৰ কৰা হৈছে। তাৰ শিৰোনামত আছে-ফ্লৰিডা কোভেট চালকজনে কিবা প্ৰকাৰে বানপানীৰ মাজেৰে পাৰ হবলৈ সক্ষম হৈছে।  ইয়েই প্ৰমাণ কৰে যে ফটোখন ২০২২ৰ জুন মাহৰ আৰু ই কোনো পধ্যে বাংগালুৰুৰ সৈতে জড়িত নহয়।

একে ধৰণৰ এটা বাতৰি ২০২২ৰ ১০ জুনত প্ৰচাৰ হৈছিল, তাৰ শিৰোনামত আছে-চাওকঃ ছেভ্ৰোলেট C8 কোভেট গাড়ী বানে বুৰোৱা পথেৰে সাতুৰি পাৰ হৈছে”. বাতৰিটোৰ মতে এই ভিডিওটো ফ্লোৰিডাৰ মিয়ামিৰ।

যদিও আমি ভাইৰেল ভিডিওটোৰ সঠিক ঠাই উলিয়াবলৈ সক্ষম নহলো, তথাপি লাভ কৰা তথ্য সমূহে প্ৰমাণ কৰে যে ভাইৰেল ভিডিওটো ২০২২ৰ জুন মাহৰ আৰু এয়া বাংগালুৰুৰ শেহতীয়া বানৰ ভিডিও নহয়।

 

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।