সত্যতা নিৰূপনঃ ভাইৰেল ভিডিওটোত দেখুওৱা বিশ্বৰ সৰ্বোচ্চ গণেশ মূৰ্তি ইণ্ডোনেছিয়াৰ নহয়, থাইলেণ্ডৰহে

0 492

ভগৱান গণেশৰ এটা সুউচ্চ মূৰ্তিৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এইটো ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ গণেশৰ মূ্ৰ্তি।

ভিডিওটোৰ কেপচনত আছে-মুছলমানসকলৰ দেশ ইণ্ডোনেছিয়াত-১২৮ ফুট উচ্চ গণেশৰ মূৰ্তি- থিয় হৈ থকা মুদ্ৰাত বিশ্বৰ সৰ্বোচ্চ মূৰ্তি।

ওপৰৰ পোষ্টটো  ইয়াত. চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত শংকৰ টিভিৰ ফেচবুক পেজত ২০২১ৰ ৯ জানুৱাৰীত ভিডিওটো প্ৰচাৰ কৰা দেখিলো। তাৰ কেপচনত আছিল-আজি থাই বৌদ্ধসকলেও গণেশৰ জন্ম তিথি পালন কৰিছে। থাইলেণ্ডত ভগৱান গণেশক ফ্ৰা ফিকেনেটবুলিও জনা যায়।গণপতি বাপ্পা মোৰিয়া।” 

কিস্তি বা বাকীত ফটো বিক্ৰী কৰা আন্তঃৰাষ্ট্ৰীয় অনলাইন ৰয়েলিটী বিহীন ফটো ৱেবছাইট বিগ ষ্টকতো এই ফটোখন আপলোড কৰা হৈছিল। ইয়াৰ কেপচনত আছিল-থাইলেণ্ডৰ প্ৰকাণ্ড গণেশৰ মূৰ্তি, ভগৱানে সকলোকে মংগল কৰক।

 official website ত উল্লেখ কৰা হৈছে যে ভগৱান গণেশৰ মূৰ্তিটো বেদীসহ ৩৯ মিটাৰ উচ্চ। থাইলেণ্ডৰ খ্লং খুইন শ্ৰী গণেশ অন্তঃৰাষ্ট্ৰীয় পাৰ্কত ই অবস্থিত।  

এনেদৰেই স্পষ্ট হয়, ভাইৰেল পোষ্টটোত কৰা দাবী মিছা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।