সত্যতা নিৰূপনঃ ছত্তিশগড়ত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত হোৱা সংঘৰ্ষৰ বাতৰি সাম্প্ৰদায়িক ৰহন সানি ভাইৰেল কৰা হৈছে

0 84

প্ৰতিমা দুৰ্গা পূজাৰ বিসৰ্জনৰ বাবে নিয়া এখন ট্ৰাকত থকা লাউড স্পীকাৰ আৰু লাৱাইটলৈ শিল দলিওৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ছত্তিশগড়ৰ বিলাসপুৰত দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে উলিওৱা শোভাযাত্ৰাৰ সময়ত এনেদৰে হিন্দুৰ ওপৰত এনেদৰে আক্ৰমণ চলোৱা হৈছিল।

ভিডিওটোৰ সৈতে কেপচনত লিখা আছে-বিলাসপুৰ সদৰৰ বজাৰ অঞ্চলত পথৰ ওপৰতে দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে উলিওৱা হিন্দুৰ সমদলত আক্ৰমণ। হিন্দুসকললৈ বহু সময় ধৰি শিল দলিওৱাকে ধৰি নানা ধৰণে আক্ৰমণ চলোৱাত আতংকময় পৰিবেশৰ সৃষ্টি হয়।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ইনভিড টুল ব্যৱহাৰ কৰি ভাইৰেল ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান আৰম্ভ কৰিলো। আমি ভাইৰেল ভিডিওটোৰ দৰেই ভিডিও এটা স্ক্ৰীণশ্বট ANI (এএনআই)এ ২০২২ৰ ৭ অক্টোবৰত প্ৰকাশ কৰা এটা বাতৰিত দেখিলো। বাতৰিটোত লিখা আছিল- ছত্তিশগড়ৰ বিলাসপুৰত বিজয়া দশমীৰ দিনা শুকুৰবাৰে প্ৰতিমা দুৰ্গা পূজাৰ বিসৰ্জনৰ বাবে উলিওৱা সমদলৰ সময়ত দুটা দলৰ মাজত সংঘৰ্ষ। কৰ্তৃপক্ষই উল্লেখ কৰিছিল যে এই দল দুটা দুখন পৃথক পূজা সমিতিয়ে বিসৰ্জনৰ বাবে উলিওৱা সমদলত অংশ লৈছিল।” 

এএনআই-এ ভিডিওটো ৭ অক্টোৱৰৰ দিনাই তেওঁলোকৰ  টুইটাৰ হেণ্ডেলতো প্ৰচাৰ কৰিছিল। তাৰ কেপচনত আছিল- ছত্তীশগড়ৰ বিলাসপুৰৰ সদৰ বজাৰত প্ৰতিমা বিসৰ্জনলৈ যোৱা দুটা দলৰ মাজত সংঘৰ্ষ।ইয়াৰ সৈতে আৰক্ষীৰ অতিৰিক্ত অধীক্ষক ৰাজেন্দ্ৰ জয়ছোৱালৰ  বাইট এটাও সংলগ্ন কৰা হৈছে, তাত কৈছে-দুখন দুৰ্গাপূজা সমিতিৰ দুটা দলৰ মাজত কোনে প্ৰথমে প্ৰতিমা বিসৰ্জন দিব তাকে লৈ সৃষ্টি হোৱা মতানৈক্যৰ ফলশ্ৰুতিতেই এই সংঘৰ্ষৰ সূত্ৰপাত হয়। সন্দেহজনক লোককেইজনক ইতিমধ্যে হাজোতলৈ প্ৰেৰণ কৰা হৈছে। জেৰা চলি আছে। অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব।” 

Times Now (টাইমছ নাও)News 18 (নিউজ১৮) আৰু  The Print (দ্য প্ৰিণ্ট)ৰ লগতে আন কেইবাটাও সংবাদ মাধ্যমে এই বাতৰিটো প্ৰচাৰ কৰিছিল। বাতৰিকেইটাত কোনোটো বাতৰিতেই হিন্দুৰ ওপৰত অত্যাচাৰ চলা বুলি প্ৰকাশ কৰা নাই।

এই তথ্যই প্ৰমাণ কৰে ভুৱা, সাম্প্ৰদায়িক ৰহন সানি ভিডিওটো বিভিন্ন মাধ্যমত বহুল প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।