সত্যতা নিৰূপনঃ ওজন হ্ৰাস কৰাৰ বাবে ডুবাইত সোণ উপহাৰ গিয়ে নেকি? সত্যতা জানিবলৈ পঢ়ক

0 226

সামাজিক মাধ্যমত এটা দাবী প্ৰচাৰ হৈ আছে, সেই দাবী অনুসৰি ডুবাই প্ৰশাসনে ১ কিঃগ্ৰাঃ ওজন হ্ৰাস কৰিলে ১ গ্ৰাম সোণ উপহাৰ দিয়ে বুলি কোৱা হৈছে।

দাবীত লিখা আছে- ডুবাইত যদি আপুনি ১ কিঃগ্ৰাঃ ওজন হ্ৰাস কৰে তেন্তে ৩ গ্ৰাম সোণ লাভ কৰিব। যিমানেই হেৰুৱাব, সিমানেই পাব।

ওপৰৰ পোষ্টটো  ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি মূল শব্দ প্ৰয়োগ কৰি গুগলত অনুসন্ধান কৰাত একে ধৰণৰ দাবী ২০১৩ আৰু ২০১৮ চনতো কৰা দেখা পাও।  

অৱশ্যে আঁচনিখন এতিয়াও চলি আছে বুলি সেই সন্দৰ্ভত শেহতীয়া কোনো তথ্য বা বাতৰি লাভ নকৰিলো।

ডুবাই পৌৰ নিগমে নিউজ মোবাইলক স্পষ্ট কৰে এইদৰে-সেয়া পুৰণি আঁচনি আছিল আৰু তেনে কোনো প্ৰতিযোগিতা এতিয়া হৈ থকা নাই।

সেয়ে, শেষত কব পাৰি যে ওপৰৰ তথ্যই ভাইৰেল হৈ থকা দাবীটো যে অসত্য সেয়া প্ৰমাণ কৰে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।