সত্যতা নিৰূপণ: ৰাহুল গান্ধীয়ে বিশেষ ভাবে সক্ষম ব্যক্তি এগৰাকীৰ সৈতে কৰমৰ্দন কৰি থকা এটা পোষ্ট ভুৱা দাবীৰে ভাইৰেল হৈছে

0 196

ৰাহুল গান্ধীয়ে এগৰাকী হাত নথকা লোকৰ সৈতে কৰমৰ্দন কৰিবলৈ চেষ্টা কৰি এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। সামাজিক মাধ্যম ব্যৱহাৰ কৰা বহুকেইগৰাকী লোকে ভিডিওটো শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে কৰা কাৰ্যৰ বাবে তেওঁক ঠাট্টা কৰিছে, একাংশই তেওঁক আবেগ-অনুভূতিহীন বুলিও উল্লেখ কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল পোষ্টটো  প্ৰচাৰ কৰি কেপচনত লিখিছে-ৰাহুল গান্ধীয়ে এজন হাত নথকা লোকৰ সৈতে কৰমৰ্দন কৰিবলৈ চেষ্টা কৰিছে।

এই পোষ্টটো  ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ৰাহুল গান্ধীৰ এটা নিজা ইউটিউব চেনেলত ২০২৩ চনৰ ১১ এপ্ৰিলৰ  ইউটিউব লাইভৰ ভিডিও দেখিলো। ভিডিওটোৰ শিৰোনামত আছিল ৰাজহুৱা সভা | কালপেট্টা, ৱাইনাড | কেৰেলা, ৰাহুল গান্ধীৰ এসময়ৰ সমষ্টি  ৱাইনাডত দিয়া ভাষণ।

ভিডিওটোৰ ১.০৭.৪৫ সময় সীমাত আমি বাঁও হাতত ৰাহুল গান্ধীৰ পোষ্টাৰ এখন লা থকা হাত কটা এগৰাকী লোকক দেখো। একেটা ভিডিওৰ ১.০৮.২২ত মানুহজনে তেওঁৰ সোঁহাতখন ৰাহুল গান্ধীৰ ফালে আগবঢ়াই কৰমৰ্দন কৰিব বিচাৰে।   

আৰু অভিক অনুসন্ধান কৰাত আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সামাজিক মাধ্যমৰ সমন্নয়ক লাৱন্য বিস্সাস জৈনে ২০২৩ৰ ১২ এপ্ৰিলত প্ৰচাৰ কৰা এটা টুইট লাভ কৰিলো। টুইটটোত সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা ভুৱা দাবীটো অসত্য বুলি প্ৰকাশ কৰে।

কেৰালা প্ৰদেশ কংগ্ৰেছৰ সেৱাদলেও এটা টুইট প্ৰচাৰ কৰে, এই টুইটটোতো একেজন মানুহকে গান্ধীয়ে সাৱতি ধৰা দেখা পালো। ইয়াতো মানুহজনে ৰাহুল গান্ধীৰ পোষ্টাৰখন লৈ আছিল। ইয়েই প্ৰমাণ কৰে যে মানুহজন হাত নথকা নাছিল।

সেয়ে, ৰাহুল গান্ধীয়ে হাত নথকা মানুহ এজনক কৰমৰ্দন কৰিব বিচৰা বুলি দাবী কৰি প্ৰচাৰ কৰা পোষ্টটো ভুৱা আৰু ভিত্তিহীন বুলি প্ৰতিপন্ন হয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।