সত্যতা নিৰূপণ: শ্বাহৰুখ খানে ‘পাঠান’ৰ বাবে বডী ছ্যুট ব্যৱহাৰ কৰিছিল নেকি? সত্য জানিবলৈ পঢ়ক

0 533

পাঠান ছবিখনৰ চৰিত্ৰটোৰ বাবে শ্বাহৰুখ খানে বডী ছ্যুট ব্যৱহাৰ কৰা এখন ফটো শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈছে। 

ফটোখনৰ কেপচনত আছে-  “পাঠানৰ পুঁজি সংগ্ৰহ সন্দৰ্ভত যি কথা কোৱা হৈছে সেয়া এই ফটোখনৰ দৰেই সত্য।

ওপৰৰ পোষ্টটো  ইয়াত আছে। এনে আৰু অধিক পোষ্ট ইয়াতইয়াতইয়াত আৰু ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই ফটো সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি হিন্দুস্তান টাইমছত  ০১ আগষ্ট ২০১৯ত প্ৰকাশিত মূল ফটোখন লাভ কৰিলো।

ফটোখনত অভিনেতা খ্ৰীছ হেমছৱৰ্থক বডীছ্যুট পৰিধান কৰি থকা দেখা গৈছে। এভেঞ্জাৰ্ছ এণ্ড গেৰ শকত থৰ বাবে বডী ছ্যুট পৰিধান কৰিছিল।

আৰু অধিক অনুসন্ধান কৰাত আমি দ্য ইণ্ডিপেণ্ডেটত প্ৰচাৰিত এটা ভিডিও দেখিলো, ইয়াত খ্ৰীছ হেমছৱৰ্থক বডী ছ্যুট পৰিধান কৰি থকা দেখা পোৱা গৈছে।

ওপৰৰ সত্য বনাম ভুৱা ফটোৰ ৰিজনিত আমি দেখিলো মূল ফটোখনত খ্ৰীছ হেমছৱৰ্থৰ ফটোখনৰ অভিনেতাজনৰ মুখখনৰ অংশ কাটি তাৰ ঠাইত শ্বাহৰুখ খানৰ মুখমণ্ডল লগাই দি ভুৱা দাবী কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।