সত্যতা নিৰূপণ: য়েমেনৰ গেছ ষ্টেচনত বিস্ফোৰণৰ ভিডিও এটা ভুৱা দাবীৰে ইজৰাইলত ইৰাণৰ এটাক বুলি প্ৰচাৰ কৰা হৈছে

0 229

এটা বৃহত্ বিস্ফোৰণৰ  ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। বহুতে এয়া ইজৰাইলত ইৰাণৰ বোমা আক্ৰমণ বুলি দাবী কৰিছে ।

ভিডিও টো শ্বেয়াৰ কৰি কেপচনত লিখিছে: “ইজৰাইলৰ টেলিগ্ৰাম গ্ৰুসমূহত প্ৰচাৰ হোৱা ভিডিওবোৰত ইজৰাইলত ইৰাণৰ বায়ুসেনাৰ বোমাবৰ্ষণৰ প্ৰভাব দেখা গৈছে।জুই এতিয়াও জ্বলিয়েই আছে। ইজৰাইলে জনতাক এই ভিডিও বা ফটোবোৰ শ্বেয়াৰ নকৰিবলৈ আহ্বান জনাইছে।”

একে ধৰণৰ দাবী   ইয়াত, ইয়াত, ইয়াত আৰু  ইয়াত. (আৰ্কাইভ) চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কী প্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত  নিউজ মোবাইলৰ  দলে ৩১ আগষ্ট ২০২৪ত  Zee News, Yemen Shabab, Ythis News, আৰু  Agenzia Novaসহ কেইবাটাও সংবাদ প্ৰতিষ্ঠানত এই ঘটনাৰ সবিশেষ লাভ কৰিলে, বাতৰিৰ সৈতে ভিডিওটোৰ ষ্টীল ফটোও সংলগ্ন আছিল। 

য়েমেন শ্বাহাবৰ বাতৰি অনুসৰি বিস্ফোৰণৰ ঘটনাটো ৩০ আগষ্ট ২০২৪ৰ সন্ধিয়া এডেনৰ মনছুৱাৰা অঞ্চলৰ এটা গেছ ষ্টেচনত সংঘটিত হৈছিল। এখন টেংকাৰৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছিল। প্ৰত্যক্ষদৰ্শীৰ মতে প্ৰকল্পটোত উপযুক্ত সুৰক্ষা  ব্যৱস্থা নথকাৰ ফলত এই ঘটনা সংঘটিত হয়, যাৰ ফলত সাধাৰণ ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰতো ভাবুকি আহিছিল।

The same video with a similar report was also posted by The Siasat Dailyৰ নিজা X হেণ্ডেলত ২০২৪ৰ ৩১ আগষ্টত একেটা ভিডিওৰ সৈতে বাতৰিটো প্ৰচাৰ হৈছিল। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি য়েমেনৰ দক্ষিণ প্ৰান্তৰ চহৰ এডেনত এটা শক্তিশালী বিস্ফোৰণ সংঘটিত হৈছিল।

 

ইউৰোপৰ সংবাদ প্ৰতিষ্ঠন CGTN ইউৰোপৰ ইউটিউব চেনেলতো ২০২৪ৰ ৩১ আগষ্টত এই বাতৰিটো প্ৰচাৰ হৈছিল।

এই তথ্যই প্ৰমাণ কৰে, য়েমেনৰ এডেনত সংঘটিত গেছ প্ৰকল্পৰ বিস্ফোৰণৰ ভিডিওকেই ভুৱা তথ্যৰে প্ৰচাৰ কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799