সত্যতা নিৰূপণ: যশোভূমি প্ৰদৰ্শনীৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মুচী (জোতা চিলোৱা মানুহ) আৰু কমাৰ একেজন মানুহ নহয়, দুয়োজন বেলেগ বেলেগ মানুহ

0 926

২০২৩ৰ ১৭ ছাপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত International Convention and Expo Centre ‘যশোভূমিউদ্ধোধন কৰে। এই উপলক্ষতে তেওঁ বিশ্বকৰ্মা যোজনাও মুকলি কৰে। এই প্ৰদৰ্শনীলৈ শিল্পী-কলাকূশলীৰ ৫৪গৰাকী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰি তেওঁলোকে নিৰ্মাণ কৰা সামগ্ৰীৰ প্ৰদৰ্শনী কৰিছিল।

এনে সময়তে প্ৰদৰ্শনীৰ দুখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। প্ৰথমখনত প্ৰধানমন্ত্ৰী মোদীক এজন মুচীৰ সৈতে আৰু  দ্বিতীয়খনত কমাৰৰ সৈতে বাৰ্তালাপ কৰি থকা দেখা গৈছে।  ঠাট্টাৰ সুৰত এয়া প্ৰচাৰ কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে কথা পাতি থকা দুয়োজন মানুহ এজনেই, বেলেগ বেলেগ নহয়। প্ৰথমে তেওঁ এজন মুচী হল আৰু পাছৰবাৰ হ কমাৰ।

ফটোদুখন ফেচবুকত শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে কেপচনত লিখিছে: “বৰ ধুনীয়া!! আশ্চৰ্যকৰ কাৰ্য ! ভালদৰে চাওকপ্ৰথমে যিজনে মুচীৰ অভিনয় কৰিলে তেঁৱেই ডাবল ৰ কৰি কমাৰৰো ভাও দিলে।“    

এই ফেচবুক পোষ্টটো  ইয়াত চাব পাৰিব। 

পোষ্টো ফেচবুক আৰু X তো একেই দাবীৰে বহুল ভাবে প্ৰচাৰ হৈছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

কী ৱৰ্ড প্ৰয়োগ কৰি অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউটিউব চেনেলত ২০২৩ৰ ১৭ ছেপ্তেম্বৰৰ অনুষ্ঠানটোৰ একে ধৰণৰ ফুটেজ দেখা   ভিডিওটোৰ শিৰোনামত আছিল: “PM মোদীয়ে যশোভূমিৰ উদ্ধোনৰ পাছত প্ৰদৰ্শনীস্থললৈ যায় . টাইমষ্টাম্পৰ ৪.৫০ত মোদীয়ে ভাইৰেল ভিডিওত থকা মুচীজনৰ সৈতে কথা পতা দেখা যায়।   

পাষত টাইমষ্টাম্পৰ ১১:১৩ ছেকেম্ডত কমাৰৰ দল এটাৰ সৈতে কথা পতা দেখা গৈচে।

ভিডিওটো সুক্ষ্মভাবে নিৰীক্ষণ কৰাত আমি দুয়োখন ফটোৰ মাজত প্ৰাৰ্থক্য দেখা পালো। ফটোদুখনৰ মানুহ দুজনৰ শাৰীৰিক আবয়ব আৰু মুখমণ্ডলৰ মাজত বহু প্ৰাৰ্থক্য দেখা গৈছে। তলত ৰিজনি দিয়া হল।

দুয়োখন ফটোতেই মুখমণ্ডলৰ প্ৰাৰ্থক্য স্পষ্ট। ইয়াৰোপৰি মুচীজনৰ চুলি ৰঙা, কিন্তু কমাৰজনৰ চুলি কলা। তলত ফটোদুখন স্পষ্টকৈ দিয়া হল।

এনেদৰেই এয়া স্পষ্ট হল যে ভাইৰেল ফটোদুখন প্ৰকৃততে দুজন পৃথক মানুহৰ, যশোভূমিৰ প্ৰদৰ্শনীৰ এই মানুহদুজন পোষ্টটোত দাবী কৰাৰ দৰে একেজন মানুহেই নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক