সত্যতা নিৰূপণ: মেহবুবা মুফটিৰ কন্যাই অ-মুছলমানৰ দৰে জীৱন নিৰ্বাহ কৰাৰ বাবে সমালোচনা কৰা পোষ্টটো কাল্পনিক

0 882

দুগৰাকী য়ুৱতীৰ ফটো থকা এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে।  দাবী কৰা হৈছে যে যপৱতীদুগৰাকী জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ কন্যা। বহু লোকে এই ফটোদুখন সমাজিক মাধ্যমত শ্বেয়াৰ কৰি মুফটিৰ দুই কন্যাই মুছলমানৰ পৰম্পৰা বিৰোধী জীৱন শৈলী যাপন কৰে অথচ তেওঁ ভাৰতীয় মহিলাই বোৰ্খা পিন্ধা উচিত বুলি মন্তব্য দিয়ে।

এজন পেচবুক ব্যৱহাৰকাৰীয়ে ফটোদুখন পোষ্ট কৰি কেপচনত লিখিছে:
এওঁলোক মেহবুবা মুফটিৰ দুই কন্যা। ইৰ্তিকা আৰু লিটিজা মুফটি।

এগৰাকীয়ে পিছ দুৱাৰেদি পৰীক্ষা দি IFS হৈছে আৰু লণ্ডনত কাৰ্যনিৰ্বাহ কৰি আছে
দ্বিতীয়গৰাকী বলিউডৰ অভিনেত্ৰী, তেওঁ ওমকাৰা ছবিখনত অভিনয় কৰিছে।

তেওঁলোকে অ-মুছলমানৰ দৰেই সাধাৰণ জীৱন যাপন কৰে, কিন্তু মেহবুবা মুফটিয়ে বিচাৰে কাশ্মীৰী ছোৱালীয়ে বোৰ্খা পিন্ধক।

পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

গুগলত মূল শব্দ প্ৰয়োগ কৰি মেহবুবা মফটি আৰু তেওঁৰ পৰিয়লে কত কেনেকৈ বাস কৰে তাৰ অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে ২০২৩ৰ ২৭ আগষ্টত  হিন্দুস্তান টাইমছ ত প্ৰকাশিত বাতৰি লাভ কৰিলো। তাৰ শিৰোনামত আছে: নহয়, মোৰ ছোৱালীয়ে ওমকাৰাত অভিনয় কৰা নাই: অ-মুছলমান জীৱন শৈলী যাপন কৰাৰ অভিযোগ সন্দৰ্ভত মেহবুবা মুফটিৰ স্পষ্টীকৰণ। তেওঁ ইয়াকো কয়, তেওঁৰ ভাতৃয়ে ওমকাৰাৰ দৃশ্যগ্ৰহণ কৰাৰ সময়ত তেওঁৰ জ্যেষ্ঠা কন্যাক কোনো চৰিত্ৰ অভিনয় কৰিবলৈ দিয়া নাছিল।

IMDB ওমকাৰাত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীসকলৰ বিষয়ে অনুসন্ধান কৰাত ইৰ্তিকা মুফটি বা ইৰ্তিকা ইকবালৰ নাম নাছিল।

তেওঁৰ আন এগৰাকী কন্যা IFS বিষয়া আৰু লণ্ডনত থাকে বুলি কৰা দাবী সন্দৰ্ভত অনুসন্ধান কৰাত আমি তেওঁৰ মুফতিৰ প্ৰত্যুত্তৰ ৰ এটা টুইটত স্পষ্টীকৰণ এটা পালো, যত তেওঁৰ কন্যা ২০১৫ৰ পৰাই কাশ্মীৰতে আছে বুলি উল্লেখ আছে।

The Indian Express, ২০২৩ৰ ৩০ আগষ্টত প্ৰকাশিত আন এটা বাতৰি লাভ কৰিলো। তাৰ শিৰোনাম আছিল: মেহবুবাৰ কন্যাক তেওঁৰ প্ৰেছ উপদেষ্টা হিচাপে নিয়োগ কৰিছে। অৰ্থাত্ ইলটিজা মুফটিক তেওঁৰ মাতৃৰ প্ৰেছ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে তেওঁ মুফটিৰ সামাজিক মাধ্যমৰ হেণ্ডেল পৰিচালনা কৰাৰ দায়িত্বত আছিল। ইলটিয়াজ IFS বিষয়া হিচাপে নিযুক্তি লাভ কৰা আৰু লণ্ডনত বাস কৰাৰ কোনো তথ্য লাভ নকৰিলো।

ইয়াৰ পৰাই স্পষ্ট হয়, মেহবুবা মুফটিৰ কন্যাই অ-মুছলমানৰ দৰে জীৱন যাপন কৰা বুলি দাবী কৰি সামাজিক মাধ্যমত চলা প্ৰচাৰ ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক