সত্যতা নিৰূপণ: ভাইৰেল ফটোখন মিছাকৈ চুডান ৰেইজৰ তেলৰ পাইপ লাইনত স্থানীয় লোকৰ ভিৰ বুলি দবী কৰা হৈছে

0 416

অলপতে ছুডানী সসস্ত্ৰ বল (RSF) আৰু ছুডানৰ খাৰ্টৰ্ণৰ চৰকাৰী অৰ্ধসামৰিক বাহিনীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত  হয়। এই ঘটনাৰ সূত্ৰপাত ২০২১ৰ সামৰিক অভ্যূত্থানৰ সময়কে পৰা আৰম্ভ হয়। 

এই পটভূমিতেই সামাজিক মাধ্যমত এটা পোষ্ট ভাইৰেল হৈছে, তাত দাবী কৰা হৈছে যে স্থানীয় লোকে পোৰ্ট ছুডানৰ পাইপলাইনসমূহ ধ্বংস কৰি দিছে। একাংশৰ মতে এই পাইপলাইনেৰে দক্ষিণ ছুডানলৈ তেল পঠিওৱা হয়।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ফটোখনৰ  পোষ্টটো প্ৰচাৰ কৰি  কেপচনত লিখিছেব্ৰেকিং নিউজ:

সমগ্ৰ দেশতে যুদ্ধসদৃস পৰিস্থিত চলি থকাৰ সময়তে পোৰ্ট ছুডানত দক্ষিণ ছুডানলৈ তেল পঠিওৱা পাইপলাইন ৰাইজে ধ্বংস কৰি দিছে।

ওপৰৰ পোষ্টটোৰ লিংক  ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি দুয়োখন ফটোৱেই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান কৰিলো। .

ফটো-১:

আমি কানাডাৰ ফটো সংগ্ৰাহক ৱেবছাইট আই ষ্টক ( iStock)ত ২০১০ৰ ১৬ আগষ্টত প্ৰকাশিত পৰিবহনৰ সময়ত তেলৰ দ্বাৰা পৰিবেশ প্ৰদূষণ শিৰোনামেৰে এখন ফটো লাভ কৰিলো। যদিও ফটোখনৰ শিৰোনাম বা বিৱৰণে বিশেষ তথ্য যোগান ধৰিব পৰা নাছিল তাত প্ৰচাৰ কৰা তাৰিখেই স্পষ্ট কৰে ফটোখন ২০১০ চনৰ পৰাই অনলাইন হৈ আছে। সেয়ে, ইয়াৰ সৈতে কোনো পধ্যেই ছুডানৰ ঘটনাৰ মিল নাই।

আমি ছাটাৰষ্টকতো  (Shutterstock)তো একেখন ফটো দেখা পালো। 

ফটো-২:

এই ফটোখনো ২০০৬ চনৰ ৮ জুনত আই ষ্টক (iStock)ত দেখা পালো। তাৰ শিৰোনামত আছিল-জ্বলি থকা পাইপলাইন, টু ষ্টক ফটো। ইয়াতো তাৰিখ বা চনৰ সৈতে ছুডানৰ যুদ্ধৰ সময়ৰ মিল নাই।

একেদৰে গেটী ইমেজ (Getty Images)তো কোনো বিৱৰণ নথকাকৈ ফটোখন দেখা পালো।

সেয়ে আমি কব পাৰো যে ছুডানৰ পাইপলাইনত স্থানীয় লোকে ধ্বংসলীলা চলোৱা বুলি দাবী কৰা ভাইৰেল ফটো অসত্য।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।