সত্যতা নিৰূপণ: প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাটৰ সমাবেশকেই মিছাকৈ দিল্লীৰ মল্ল যোদ্ধাৰ প্ৰতিবাদৰ সৈতে সাঙোৰা হৈছে

0 308

যোৱা ৯ মেত সংযুক্ত কিষাণ মৰ্চা ( এটা অৰাজনৈতিক কৃষক সংগঠন,  BKU (একতা সিদ্ধপুৰ) আৰু পাঞ্জাবৰ ক্ৰান্তিকাৰী কিষাণ সংস্থাই হাৰিয়ানাৰ সফল মল্ল যোদ্ধা ভিনেশ ফোগাত, সাক্ষী মালিক আৰু বজৰং পুনিয়াক তেওঁলোকে কৰি থকা প্ৰতিবাদৰসমৰ্থন জনাবলৈ যন্তৰ মন্তৰলৈ গৈছিল।  মল্লযোদ্ধাসকলে ভাৰতীয় মল্ল যোদ্ধা ফেডাৰেছনৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ব্ৰীজ ভূষণ সিঙে যৌন উত্পীৰণৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰৰ দাবীত যোৱা ২৩ এপ্ৰিলৰ পৰা প্ৰতিবাদ চলি আহিছে।

এনে সময়তে সেউজীয়া পৰিবেশেৰে আৱৰা স্থানত মানুহৰ বিশাল সমাৰোহৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে মানুহৰ এই সমাগম মল্ল যোদ্ধা সকলৰ প্ৰতিবাদলৈ সমৰ্থন জনোৱাৰ বাবে একত্ৰিত হৈছে।

ফেচবুকত ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে: “ভাৰতৰ চুক-কোণৰ পৰা  #মল্লযোদ্ধাৰপ্ৰতিবাদলৈ সমৰ্থন #বিজয়ীসকলৰসৈতেথিয়দিয়ক ।

ওপৰৰ পোষ্ট টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।

আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ২০২২ৰ ৩০ ছেপ্তেম্বৰত প্ৰচাৰিত এটা  টুইট ত একেটা ভাইৰেল ভিডিও প্ৰচাৰ কৰা দেখিলো। তাৰ কেপচনত আছে: “ৰাজধানীত OBC শ্ৰেণী #OBC_ছহিদ স্মাৰক চলো #OBCয়ে প্ৰাপ্য কাঢ়ি ল’ব এয়াই স্পষ্টকৈ প্ৰমাণ কৰে যে ভিডিওটো শেহতীয়া সময়ৰ নহয়। আমি টুইটটোৰ উত্তৰ এটাত পালো যে ভিডিওটো চুৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব’ৰ সময়ৰ। 

প্ৰধানমন্ত্ৰীৰ  YouTube চেনেলতো ২০২২ৰ ২৯ ছেপ্তমবৰত একেধৰণৰ ভিডিও আপলোড কৰা দেখা গৈছে।  তাৰ কেপচনত আছে: “গুজৰাটৰ চুৰাটত প্ৰধানমন্ত্ৰী মোদীৰ ৰোড শ্ব’।  

প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউব চেনেলৰ ভিডিও আৰু ভাইৰেল ভিডিও, দুয়োটাতে অশ্বাৰোহী  এগৰাকী ব্যক্তিৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা গৈছে।  দুয়োটা ভিডিওতে পথৰ দাঁতিত গেৰুৱা আৰু  বিজেপিৰ পতাকা দেখা গৈছে। লগতে তিনিটা বগা ছাঁও দেখা গৈছে, যিটো ভাইৰেল ভিডিওটোতো দেখা গৈছে।  .

 

আৰু অধিক অনুসন্ধানত আমি ভাইৰেল ভিডিওটোত থকা ৰাণী লক্ষ্মীবাঈৰ প্ৰতিমূৰ্তিটো দেখিলো  প্ৰতিমূৰ্তিটো গুজৰাটৰ চুৰাটৰ নিলগিৰি চক্ৰত অবস্থিত।

এই তথ্যই প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰীৰ চুৰাটৰ পথসভাৰ ভিডিওকেই ভুৱা দাবীৰে মল্ল যোদ্ধাৰ সমৰ্থনত একত্ৰিত ভিৰৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক