সত্যতা নিৰূপণ:  নহয়, ভাৰতীয় ৰিজাৰ্ভ বেংকে ৫০০০টকীয়া নোট উলিওৱা নাই

0 180

ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)-এ ৫০০০ টকীয়া নোটৰ প্ৰচলন কৰা বুলি এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে।

৫০০০ টকা নোটৰ ফটোসহ হিন্দীতে লিখা পোষ্টটোৰ কেপচনত আছে: “#৫০০০ #নতুন নোট: অতি শীঘ্ৰে RBI-এ ৫০০০ টকাৰ নতুন নোট প্ৰচলন কৰিব। এই বাতৰি প্ৰকাশ হোৱাৰ লগে লগে মানুহৰ মাজত আলোচনা আৰম্ভ হৈছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

মূল শব্দ প্ৰয়োগ কৰি Google ত অনুসন্ধান কৰাত ৫০০০ টকীয়া নোটৰ প্ৰচলন সন্দৰ্ভত নিৰ্ভৰযোগ্য কোনো বাতৰি লাভ নকৰিলো।

আমি RBIৰ নিজা ৱেবছাইটতো অনুসন্ধান কৰি চলো। কিন্তু তাতো ৫০০০ টকীয়া নোট প্ৰচলন সন্দৰ্ভত কোনো কথাই উল্লেখ নাই।

RBIৰ ৱেবছাইটত প্ৰকা কৰা অনুসৰি ২০১৬ চনত ৱিমুদ্ৰাকৰণৰ পাছত ৫০০ আৰু ১০০০ টকাৰ নোট লুপ্ত হোৱাৰ পাছত যি নতুন নোটৰ প্ৰচলন হৈ আছে সেইবোৰক মহাত্মা গান্ধী ছিৰিজ বুলি জনা যায়। 

websiteৰ FAQ (স’ততে সোধা প্ৰশ্ন) শাখাত অনুসন্ধান কৰাত নতুনকৈ ওলোৱা ২০০০, ৫০০, ২০০, ১০০, ৫০,২০ আৰু ১০ টকাৰ নোটত মহাত্মা গান্ধীৰ ফটো সন্নিবিষ্ট কৰা হৈছে।

২০২৩ চনত RBI-এ ২০০০ টকাৰ নোটৰ প্ৰচাৰ বন্ধ কৰা বুলি ঘোষণা কৰিছিল। January 01, 2025ত প্ৰচাৰিত  RBI press noteত ২০২৩ৰ ১৯ মেলৈ ২০০০ টকাৰ নোটৰ ৯৮.১২%  বেংকলৈ ওভতি আহিছে। 

ইতিমধ্যে চৰকাৰী প্ৰচাৰ বিভাগ প্ৰেছ ইন্ফৰ্মেচন ব্যুৰো (PIB) ৰ তৰফৰ পৰাও ভাইৰেল পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰকাশ কৰিছে।

RBI-এ ৫০০০ টকাৰ মোট প্ৰচলন কৰিব বুলি ওলোৱা পোষ্টটোৰ সত্যতা নাই। RBIৰ তৰফৰ পৰা এনে ধৰণৰ কোনো তথ্যও নাই নাই, সেয়ে ভাইৰেল পোষ্টটোৰ কোনো ভিত্তি নাই।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799