সত্যতা নিৰূপণ: ‘টকাৰ নোটেৰে ভৰি থকা’ টায়াৰ এটাৰ ভিডিও এটা ভুৱাকৈ কৰ্ণাটকৰ নিৰ্বাচনৰ সৈতে সাঙোৰা হৈছে

0 359

ভাৰতীয় মুদ্ৰাৰ টকাৰে ভৰি থকা টায়াৰ এটাৰ ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলে এই টকা ব্যৱহাৰ কৰিবলৈ নিয়া বুলি বিভিন্ন জনে এই ভিডিওটো শ্বেয়াৰ কৰিছে।

এজন ফএচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে:  RTGS, NEFT, IMPS, মোবাইল বেংকিং পাহৰি যাওকইয়াত। ধন প্ৰেৰণৰ। বঢ়িয়া উপায় এটা আছে | #shyamreels #BNIGlobal #lifestyle #new #lifecoach #shyam #Real #cargo #trucking #shyamala #business #businessowner #businesswoman See less

আপুনি পোষ্টটো  ইয়াত পাব।

সত্যতা নিৰূপন

নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।

গুগলত মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত  আমি NDTVত ২০১৯ৰ ২১ এপ্ৰিলত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো, তাৰ শিৰোনাম আছিল : চাওক কৰ্ণাটকত ২.৩ কোটি নগদ টকা গাড়ীৰ এটা টায়াৰৰ পৰা জব্দ কৰা হৈছে।

একেটা বাতৰিতে এএনআইৰ এটা টুইট আছিল, ইয়াত এটা ভিডিও সংলগ্ন হৈ আছিল। এই ভিডিওটো ভাইৰেল ক্লিপটোৰ সৈতে সইলাখ মিল আছে।

এই তথ্যই প্ৰমাণ কৰে শেহতীয়া কৰ্ণাটকৰ নিৰ্বাচনত ব্যৱহাৰ কৰাৰ বাবে টায়াৰৰ ভিচৰচ ভাৰতীয় টকাৰ নোট নিয়া নাছিল। সেয়ে পো,্টটোৰ দাবীও ভিত্তিহীন।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক