আমেৰিকাৰ হাউছ চেম্বাৰত ৰাজনৈতিক নেতাসকলৰ সন্মুখত মাৰ্কিন ৰাষ্ট্ৰপতি জ বিডেনে দিয়া এটা ভাষণৰ ভিডেও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত বীডেনে “পূঁজিবাদ হ’ল শোষণ” বুলি কৈ থকা শুনা গৈছে আৰু প্ৰেক্ষাগৃহত উপস্থিত থকাসকলে হাত চাপৰিৰে সমৰ্থন জনাইছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে: পূঁজিবাদ হল শোষণ। #potus #socialism #capitalism
এই পোষ্টটো ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২২ৰ ৫ মাৰ্চত জ বীডেনৰ অভিচেয়েল ফেচবুক হেণ্ডেলত প্ৰকাশ পোৱা পোষ্ট এটাৰ লগতে সামাজিক মাধ্যমৰ বহুকেইটা পোষ্ট দেখা পালো।
ভাইৰেল ভিডিওটোত থকাৰ দৰেই এই ভিডিওটোতো উপৰাষ্ট্ৰপতি কমলা হেৰিছন,আৰু অধ্যক্ষ নেনচি পেলোছী দেখা গৈছে। ইয়ে ইংগিত দিয়ে যে ভিডিওটো হয়তো সম্পাদিত।
আমি এটা লাইভ ইউটিউব ভিডিও এটাও পালো, তাৰ শিৰোনাম : ৰাষ্ট্ৰপতি বীডেনে হোৱাইট হাউছত ২০২২ৰ ২ মাৰ্চত ষ্টেট অৱ ইউনিয়ন প্ৰদান কৰা ভাষণ।
বীডেনে ষ্টেট অৱ ইউনিয়নত দিয়া ভাষণটোৰ এই ভিডিওটো ১.৫ ঘণ্টাতকৈও দীঘলীয়া। ভিডিওটোৰ ৫৭:০৯ মিনিটত আমি বীডেনক কোৱা শুনো- “চাওক, প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ চলা পূঁজিবাদ শোষণ।(Look, capitalism without competition is not capitalism, it’s exploitation.)” ইয়াৰ ফ্ৰেমবোৰ ভাইৰেল ভিডিওটোৰ সৈতেও মিলে।
হোৱাইট হাউছ ৰ ৱেব ছাইটত ২০২২ৰ ১ মাৰ্চৰ বীডেনৰ সম্পূৰ্ণ ভাষণটোৰ লিখিত ৰূপ আছে।তাত বীডেনে কৈছে “মই এজন পূঁজিবাদী কিন্তু প্ৰতিদ্বন্দ্বিতা বিহীন পূঁজিবাদ সঠিক পূঁজিবাদ নহয়। প্ৰতিদ্বন্দ্বিতা বিহীন পূঁজিবাদ হল শোষণ।” এয়া ভাইৰেল পোষ্টটোৰ দাবীৰ সম্পূৰ্ণ ওলোটা ভাষ্য।
সেয়ে এয়া স্পষ্ট হয়, যে ভাইৰেল পোষ্টটোৰ দাবী সত্য নহয়।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।