সত্যতা নিৰূপণ: জইছ এ মহম্মদ (JeM)ৰ মুৰব্বী মাছুজ আজাহাৰক পাকিস্তানত গুপ্তঘাতকেৰ দলে হত্যা কৰা বাতৰিটো ভুৱা

0 546

পাকিস্তানৰ এটা উগ্ৰপন্থী গোটে বোমা বিস্ফৰণৰ দ্বাৰা  মাছুদ আজাহাৰক হত্যা কৰা বুলি দাবী কৰা বহু ফটো, ভিডিও বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে। ইয়াৰ মাজৰ এটা ভিডিওত ব্যস্ত ৰাজপথত এটা প্ৰচম্ড বিস্ফোৰণ দেখা গৈছে, দাবী কৰা হৈছে এই বিস্ফোৰণতেই ভাৰতৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জইছ এ মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ মূত্যু হৈছে।

ফেছবুকত ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখা হৈছে: “#Newyeargift (নৱবৰ্ষৰ উপহাৰ) অচিনাকি ব্যক্তিয়ে মাছুদ আজাহাৰৰ ভিডিও প্ৰচাৰ কৰিছে।


ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ৰিবাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি অছনিট আপডেটছ, ৰ Xত ২০২৩ৰ ৩ নৱ্ম্বৰত প্ৰচাৰিত এটা পোষ্টত একেটা বিডিও দেখা পালো। তাৰ কেপচনত আছিল: “পাকিস্তান: ডেৰা ইছমাইল খানত সংঘটিত বিস্ফোৰণত ৬জন লোক নিহত হোৱাৰ লগতে ২৫জৱ আহত হয়। বিস্ফোৰণৰ পাছত গুলীওৱাৰ শ্বও শুনা গৈছিল।”.

ইণ্ডিয়া টুডে নৰ্থইষ্ট তো ২০২৩ৰ ৩ নৱেম্বৰত একেটা ঘটনাৰ বাতৰি প্ৰচাৰ হৈছিল। বাতৰিটোৰ মতে পাখতুনখা প্ৰদেশৰ খাইবাৰত ইছমাইল খানৰ ডেৰাত সংঘটিত হৈছিল বিস্ফোৰণ। বোমাটো আৰক্ষীৰ বাহনৰ ওচৰৰ এখন মটৰ চাইকেলত সংস্থাপিত আছিল। বিস্ফোৰণৰ পাছত গুলীওৱাৰ শ্বও শুনা গৈছিল। বিল্ফোৰণৰ পাছত আৰক্ষী আৰু বোমা নিস্ক্ৰিয়কাৰীৰ দল ঘটনাস্থলীত উপস্থিত হৈছিল।


পাকিস্তানৰ ARY News এ ইয়াৰ লাইভ ভিডিও এটা প্ৰচাৰ কৰিছিল। ইয়াৰোপৰি মাছুৰ আজাহাৰৰ মৃত্যু সন্দৰ্ভত কোনো বিস্বাসযোগ্য বাতৰি প্ৰকাশ হোৱা নাছিল।

এই তথ্যই প্ৰমাণ কৰে পাকিস্তানত মাছুদ আজাহাৰক হত্যা কৰা বুলি দাবী কৰা ভাইৰেল হোৱা ভিডিওটো ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest News updates and viral videos on our AI-powered smart news