সত্যতা নিৰূপণ: চেনী (শৰ্কৰা) নোহোৱা বা চুগাৰ ফ্ৰী খাদ্য, নেমুৰ ৰস গ্ৰহণ কৰিলে কেন্সাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? সত্য জানিবলৈ পঢ়ক

0 394

কোনো ডাক্তৰ গুপ্তাই কৰ্কট ৰোগৰ চিকিত্সাৰ বাবে পৰিমিত খাদ্য বা ডায়েট সন্দৰ্ভত প্ৰকাশ কৰা এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে।

পোষ্টটোত আছে: “কৰ্কট ৰোগ নিৰাময় হয়ডাঃ গুপ্তাই কৈছে, কৰ্কট ৰোগৰ চোৱাচিটাৰ অভাবত কোনো লোক মৃত্যু মুখত পৰিব নালাগে।

 (1) প্ৰথম পদক্ষেপটো হল শৰ্কৰা বা ছুগাৰ জাতীয় খাদ্য গ্ৰহণ কৰাটো বন্ধ কৰা, কৰ্কটৰ কোষবোৰ নিজে নিজে মৰি যাব।

 (2) দ্বিতীয়তে একাপ গৰম পানীৰে নেমুৰ ৰস মিহলাই একৰ পৰা তিনি মাহ খাব লাগে। প্ৰথম কথাটো হল খাদ্য গ্ৰহণৰ পূৰ্বে খালে কৰ্কট নোহোৱা হৈ যাব। মেৰীলেণ্ড স্কুল অৱ মেডেচিনৰ গবেষণা অনুসৰি এয়া কেমোথেৰাপিতকৈ ১০০০গুণে অধিক ফলপ্ৰসু।

 (3) তৃতীয়তে তিনি টেবুল চামুচ অৰ্গেনিক নাৰিকলৰ তেল পুৱা আৰু নিশা সেৱন কৰিলে কৰ্কট ৰোগ নাশ হয়। আওকান কৰাটো অসাৱধানতা। মই পাচ বছৰ ধৰি এই পোষ্টটো প্ৰচাৰ কৰি আছো।

আপোনাৰ চৌপাশে থকা প্ৰতিজনকে জানিব দিয়ক যে আজিৰ তাৰিখত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ অৰ্থ হল অজ্ঞতা।

ভাইৰেল পোষ্টটোৰ লিংক ইয়াত আছে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

 “ডাঃ গুপ্তাৰ ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত এই অনুসন্ধানৰ ফল স্বৰূপে সেই ভাইৰেল পোষ্টটোহে লাভ কৰিলো। “Maryland College of Medicine” সন্দৰ্ভত গুগুলত অনুসন্ধান কৰাত আমি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাল্টিমোৰৰ মেৰিলেণ্ড বিস্ববিদ্যালয়ৰ তথ্য লাভ কৰিলো। এই প্ৰতিষ্ঠানখন ১৮০৭ চনত প্ৰথমতে প্ৰতিষ্ঠিত হৈছিল মেৰিলেণ্ড চিকিত্সা বিদ্যালয় হিচাপে, পাছত ১৮১২ চনত ই মেৰিলেণ্ড বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰে। এই বিশ্ববিদ্যালয়খন কৰ্কট ৰোগ সন্দৰ্ভত গবেষণা কৰাৰ বাবে  চিকিত্সা বিদ্যালয়  মূল প্ৰতিষ্ঠান বুলি পৰিগণিত হয়।

শৰ্কৰা বা ছুগাৰ জাতীয় খাদ্য কমাই খালে কৰ্কটৰ পৰা হাত সাৰিব পাৰি নেকি

গুগুলত অনুসন্ধান কৰাত আমি যুক্তৰাজ্যৰ কৰ্কট গবেষণা প্ৰতিষ্ঠানৰ এটা প্ৰবন্ধ বাও, তাত উল্লেখ আছে- “ছুগাৰ ফ্ৰী ডায়েট খালে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে বা কৰ্কট ৰোগত আক্ৰান্ত ৰোগীয়ে এই ৰোগৰ পৰা উপসম লাভ কৰিব বুলি কোনো তথ্য এতিয়ালৈ লাভ কৰা নাই।  এবিচি নিউজ ত অষ্ট্ৰেলিয়াৰ কেন্সাৰ কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফেছাৰ চানছিয়া আৰাণ্ডাৰ সৈতে হোৱা এক সাক্ষাত্কাৰত পোৱা অনুসৰি : “ছুগাৰজাতীয় খাদ্য গ্ৰহণ কৰা বন্ধ কৰিলে শৰীৰৰ বাকী সুস্থ কোষবোৰে আৱশ্যকীয় শৰ্কৰাৰ পৰা বঞ্চিত হব। মই ভাবো ইয়াৰ ফলত ৰোগীৰ ওজল হ্ৰাস পাব [আৰু] ৰোগীৰ ৰোগ প্ৰতিৰোধী শক্তি হ্ৰাস পাই কৰ্কটৰ কোষবোৰক আক্ৰমণৰ বাবে বাট মোকলাইহে দিব।” 

ছিংগাপুৰ আৰু অষ্ট্ৰিয়াৰ একাংশ বিজ্ঞানীয়ে প্ৰকাশ কৰা এছিয়ান চায়েণ্টিষ্ট ত উল্লেখ কৰা অনুসৰি শৰ্কৰাৰ পৰিমান কমিলে কেতবোৰ কৰ্কটৰ কোষৰ মৃত্যু হব পাৰে। অৱশ্যে এই সন্দৰ্ভত গবেষণা এতিয়াও চালুকীয়া অবস্থাতে আছে। গবেষকসকলে কৰ্কট ৰোগৰ চিকিত্সা নতুন পদ্ধতি উদ্ভাবন কৰাৰ বাবে গবেষণা অব্যাহত ৰাখিছে।

মেক্স হাস্পতাল ছাকেট আৰু গুৰগ্ৰামৰ ছাৰ্জিকেল অংকলজিষ্ট আৰু স্তনৰ অস্ত্ৰোপচাৰ বিভাগৰ চিকিত্সক ডাঃ অদিতি টতুৰ্বেদীয়ে কয়: “অতিৰিক্ত ছুগাৰ বা শৰ্কৰা গ্ৰহণ কৰিলে ওজন বৃদ্ধি আৰু মেদবহুলতাত ভুগিব পাৰে ইয়াৰ ফলত স্তন, কলোৰেক্টেল, ইউটেৰাছ আদিৰ কৰ্কট ৰোগৰ সম্ভাবনা বৃদ্ধি পায়।অৱশ্যে শৰ্কৰা গ্ৰহণ কৰিবলৈ বাদ দিলে কৰ্কট ৰোগৰ পৰা ৰক্ষা পাব পাৰি বুলিও কোনো তথ্য এতিয়ালৈ পোৱা: সংযমেই মূল কথা।

নেমুৰ ৰস আৰু মাৰিকলৰ পানী খালে কৰ্কট ৰোগৰ পৰা হাত সাৰিব পাৰিনে

পোষ্টটোত উল্লেখ থকা আনটো দাবী সন্দৰ্ভত অনুসন্ধান কৰাত আমি  ৰাষ্ট্ৰীয় স্বাস্থ্য গবেষণা সংস্থা এটা প্ৰবন্ধ লাভ কৰিলো। তাৰ শিৰোনাম আছিল: “নেমুৰ দ্বাৰা কৰ্কট ৰোগৰ উপসম হয় নেকি?” প্ৰবন্ধটোৰ মতেদাবী কৰা মতেসকলো ধৰণৰ কৰ্কট ৰোগৰ উপসমৰ বাবে নেমু প্ৰমাণিত পথ্যআৰুনেমু কেমোথেৰাপিতকৈ ১০০০গুণ অধিক ফলপ্ৰসুআদি কথাবোৰ নিশ্চিত ভাবে মিছা।ইয়াৰোপৰি আমি স্নোপছৰ দ্বাৰা এই একেটা দাবী সন্দৰ্ভত কৰা সত্যতা নিৰূপণ লাভ কৰিলো, যত এই দাবী একেবাৰে ভিত্তিহীন বুলি প্ৰমাণ কৰিছে। সেয়া  ইয়াত আৰু  ইয়াত পাব।

উল্লেখিত ভাইৰেল দাবী সন্দৰ্ভত ডাঃ অদিতিয়ে কৈছেকৰ্কট ৰোগৰ সৈতে গৰম পানীত নেমুৰ ৰস খোৱা আৰু নাৰিকলৰ পানী খোৱাৰ কোনো সম্পৰ্ক নাই।” 

 “নাৰিকলৰ তেনে কৰ্কট ৰোগৰ উপসম ঘটায়বুলি কৰা দাবী সন্দৰ্ভত কোনো নিশ্চিত প্ৰমাণিক তথ্য আমি লাভ নকৰিলোষ হাৰ্ভাৰ্ড স্কুল অৱ পাবলিক হেল্থত প্ৰচাৰিত এটা প্ৰবন্ধ অনুসৰি স্বাস্থ্য সম্প্ৰকীয় বহ দাবীত সন্দৰ্ভৰ গবেষণাত প্ৰকাশ পাইছে যে ১০০ শতাংশ মধ্য চেইন ট্ৰাইগ্লিচেৰাইডছ(MCTs)ৰে  তৈয়াৰ কৰা এবিধ বিশেষ তেল ব্যৱহাৰ কৰা হয়। এয়া বজাৰত লাভ কৰা নাৰিকলৰ তেলত পোৱা নাযায়। আনকি যদি কোনো গবেষণাত াৰিকলৰ তেৱে কেন্সাৰ ৰোগ উপসম কৰিব পৰা যায় বুলি কোৱা হয়, তেন্তে মনত ৰখা উচিত যে এই তেলৰ নিৰ্মাণ শৈলী বজাৰত উপলব্ধ তেলৰ দৰে নহয়।   

ডাঃ অদিতি চতুৰ্বেদীৰ ভাষ্য একেষাৰে কবলৈ হলেএই সকলো দাবীয়েই ভুৱা।

এনেদৰেই এয়া স্পষ্ট হয় যে চুগাৰ ফ্ৰী খাদ্য, গৰম পানীত নেমুৰ ৰস খোৱা বা নাৰিকলৰ তেল খালে কৰ্কট ৰোগৰ পৰ উপসম পাব নোবাৰি.

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।