সত্যতা নিৰূপণ: কূটনৈতিক অৰিয়াঅৰি চলি থকাৰ মাজতে কানাডাই RSSক নিষিদ্ধ কৰিছে নেকি? এই দাবী ভুৱা

0 1,029

কানাডা আৰু ভাৰতৰ মাজত চলি থকা সংঘাতময় পৰিবেশৰ মাজতে ইণ্টাৰনেটত এটা ভিডিও ভাইৰেল হৈছে, ভিডিওটোত এজন মানুহেৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)নিষিদ্ধা কৰা বুলি প্ৰকাশ কৰিছে। 

ভিডিওত থকা মানুহজনে চাৰিটা দাবী উত্থাপন কৰা শুনা গৈছে : কানাডাৰ ৰাষ্ট্ৰদূতৰ প্ৰসংগ উত্থাপন কৰি কানাডাৰ ভাৰতীয় ৰাষ্ট্ৰদূতকো ওভতাই পঠিয়াবলৈ দাবী জনাইছে। ইয়াৰোপৰি দুয়োখন ৰাজ্যৰ মাজত বানিজ্যিক সম্পৰ্ক ছেদ কৰা আৰু RSSক নিষিদ্ধ কৰাৰো দাবী উত্থাপন কৰিছে।  তেওঁ কৈছে-  “WSOৰ সৈতে আমি RSSক ক্ৰিমিনেল কডৰ আওতাত নিষিদ্ধ কৰাৰ দাবী জনাইছো আৰু তেওঁলোকৰ কেডাৰক কানাডাৰ পৰা উলিয়াই পঠিওৱাৰ দাবী জনাইছো।” he said.

সামাজিক মাধ্যমত এই ভিডিওটো শ্বেয়াৰ কৰি  RSSক কানাডাত নিষিদ্ধ কৰা বুলি প্ৰচাৰ কৰা হৈছে।

ওপৰৰ পোষ্টটো  ইয়াত (আৰ্কাইভ

আৰু অধিক পোষ্ট  ইয়াতইয়াত আৰু  ইয়াতচাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

‘@nccmuslims’ টিকটক ৱাটাৰ মাৰ্ক দেখা পাই আমাৰ নিউজ মোবাইলৰ দলে নেচনেল কাউন্সিল অৱ কানাডিয়ান মুছলিমছ (NCCM) প্ৰথমে আপলোড কৰা এটা টিকটক ক্লিক দেখা পালে(যিহেতু ভাৰতত টিকটক নিষিদ্ধ)। 

আৰু অধিক অনুসন্ধানত আমি ভিডিওটোৰ বৰ্ধিত অংশ NCCMৰ ইউটিউব চেনেলত দেখিলো। ভি়ডিওটো  ২০২৩ৰ ২২ ছেপ্তম্বৰতআপলোড কৰা হৈছিল আৰু ভিডিওটোৰ মানুহজন NCCMৰ মুখ্য কাৰ্যবাহী ষ্টীফেন ব্ৰাউন।

চৰ্চিত ভিডিওটোৰ অংশখিনি  0:১০ৰ পৰা 0:৫৪ত দেখা গৈছে। 

NCCMৰ ৱেব ছাইটত থকা  ‘আমাৰ পৰিচিতিত উল্লেখ কৰা অনুসৰিNCCM এটাকানাডাৰ মুছলমানসকলৰ উন্নয়নৰ বাবে স্বাধীন, অ-ৰাজনৈতিক আৰু বে-চৰকাৰী সংস্থা

তাত NCCMলৈ কানাডা চৰকাৰৰ অনুমোদন লাভ কৰাৰ কোনো তথ্য নাছিল।

লগতে,  কানাডাৰ বৈদিশিক মন্ত্ৰালয়ৰ পৰাও RSSক নিষিদ্ধ কৰা সন্দৰ্ভত কোনো জাননী জাৰি কৰা নাই।

সেয়ে, এই তথ্যসমূহৰ দ্বাৰাই RSSক নিষিদ্ধ কৰা বুলি দাবী কৰা ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হল।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক