সত্যতা নিৰূপণ: কএগৰাকী দলিত মহিলাই ৬ মুছলমান যুবকৰ শিৰচ্ছেদ কৰা ফটোৰ স্ক্ৰীণশ্বট এটা উত্তৰ প্ৰদেশৰ বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে

0 1,093

ইউপি টকৰ বুলি দাবী কৰা এটা বাতৰিৰ স্ক্ৰীণশ্বট এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে উত্তৰ প্ৰদেশৰ বাবটপুৰত এগৰাকী হিন্দু দলিত মহিলাই বলাত্কাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সাতজন মুছলমান যুবকৰ শিৰচ্ছেদ কৰিছে।   ফেচবুকত ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে : “বলাত্কাৰ আৰু ধৰ্মান্তৰ কৰণৰ ভাবুকি দিয়া ৬ মুছলমান যুবকৰ শিৰচ্ছেদ কৰিলে এগৰাকী হিন্দু যুবতীয়ে, সম্প্ৰতি যুবতীগৰাকীয়ে পলায়ন কৰিছে। বাবতপুৰৰ কালী মন্দিৰৰ সমীপৰ পৰা ৬টা কটা মূৰ উদ্ধাৰ,জয় নাৰী শক্তিৰ জয়, জয় হিন্দু ৰাষ্ট্ৰ, জয় শ্ৰীৰাম, জয় ভবানী।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে। 

ফটোখন ফেচবুকত ভাইৰেল হৈছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি গুগল (Google)ত অনুসন্ধান কৰিও ভাইৰেল স্ক্ৰীণশ্বটত বৰ্ণনা কৰাৰ দৰে এই ঘটনা সন্দৰ্ভৰ কোনো তথ্য সমৃদ্ধ বাতৰি লাভ নকৰিলো। 

কিন্তু আমি বাৰানসী আৰক্ষীৰ গুমটি অঞ্চলৰ ডিচিপিয়ে ২০২৩ৰ ১৮ জুনত প্ৰকাশ কৰা এটা টুইট দেখা পালো। তাত ভাইৰেল হোৱা স্ক্ৰীণশ্বটটোত কৰা দাবী ভুৱা বাতৰি বুলি উল্লেখ কৰা হৈছে।    

ইউপি টকেও  এই সন্দৰ্ভত টুইট  যোগে স্পষ্ট কৰি দিয়ে যে এই দাবী সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন। ২০২৩ৰ ১৯ জুনত প্ৰকাশ কৰা টুইটটোত পুনৰ লিখিছে: “এই কাল্পনিক বাতৰিটো ইউপি টকৰ লগোসহ সামাজিক মাধ্যমত ভাইৰেল কৰা হৈছে, এয়া সম্পূৰ্ণ অসত্য। অনুগ্ৰহ কৰি বাতৰিৰ দ্বাৰা বিভ্ৰান্তিৰ সৃষ্টি নকৰিব।  বাৰানসীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়েও এই বাতৰি অসত্য বুলি ঘোষণা কৰিছে। আৰক্ষীয়ে এই ভুৱা বাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লব। #UPTak #FakeNews #UttarPradesh.” 

এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল স্ক্ৰীণশ্বটটোৰ সৈতে কৰা দাবী সম্পূৰ্ণ ভুৱা। 

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক