সত্যতা নিৰূপণ: ওলমা দলঙত হোৱা অভূতপূৰ্ব ভিৰৰ ভিডিওটো ভাৰতৰ নহয়, নেপালৰ

0 327

এখন ওলমা দলঙত জনতাৰ বিশাল ভিৰৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত দলঙৰ তলেৰে গাড়ী চলাচল কৰি থকাও দেখা গৈছে। বহুতে দাবী কৰিছে যে এয়া ভাৰতৰ দৃশ্য।     

ভিডিওটো এজনে ফেচবুকত প্ৰচাৰ কৰি কেপচনত লিখিছে : “আমাৰ দেশৰ দলঙৰ এনেদৃশ্য, মানুহৰ ভৰত দলংখন ভাঙিলে দোষ হ’ব ইঞ্জিনিয়াৰ আৰু চৰকাৰৰ।   

ওপৰৰ  পোষ্টোটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত ২০২১ৰ ১৩ মেৰ এটা  বাতৰি ত এই ভিডিওটো প্ৰচাৰ হোৱা দেখা গল।  বাতৰিটোৰ শিৰোনামত লিখা আছিল : “নেপালৰ এখন কাঠৰ ওলমা দলঙত সহস্ৰজন লোকে একে লগে উঠাৰ ফলত সৃষ্ট হৈছে ভয়ংকৰ পৰিস্থিতিৰ।l” 

কেইবাটাও  ইউ টিউব চেনেলে এই ভিডিওটো প্ৰচাৰ কৰি এই দলংখন নেপালৰ বুলি প্ৰকাশ কৰিছে।

২০২১ চনৰ কেইবাটাও বাতৰি  জ্যোতি ৰাণপাহেলি নামৰ প্ৰত্যক্ষদৰ্শীৰউদ্ধৃতি দি কোৱা হৈছে যে দলংখনত উঠি থকা লোকসকলে নিজেই দলংখন লৰাই আছিল। অৱশ্যে কোনো হানী বিঘিনী নোহোৱাকৈ প্ৰতিজন লোকেই দলংখন পাৰ হৈছিল।

ইয়াৰোপৰি আমি  গুগল মেপ ত দলংনৰ অবস্থান সন্দৰ্ভত অনুসন্ধান কৰাত এই দলংখন নেপালৰ বুলি জানিব পৰা গৈছে। 

ওপৰৰ তথ্যসমূহৰ পৰাই প্ৰমাণ হয় যে এই ভিডিও ভাৰতৰ নহয়, নেপালৰহে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছেতেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক