সত্যতা নিৰূপণ: উতৰাখণ্ডত নাহৰফুটুকীৰ আক্ৰমণৰ পোষ্ট এটাকেই অন্ধ্ৰ প্ৰদেশৰ ঘটনাৰ সৈতে সাঙোৰা হৈছে

0 337

পৰ্বত এখনত দুগৰাকী ব্যক্তিক বাঘে আক্ৰমণ কৰা এটা ভিডিও সামাজিক মাধ্যমত বহুল ভাবে প্ৰচাৰ হৈছে। বহু ব্যৱহাৰকাৰীয়ে এয়া অন্ধ্ৰ প্ৰদেশৰ পালনাডু জিলাত দুগৰাকী মহিলাক বাগে আক্ৰমণ কৰাৰ দৃস্য বুলি দাবী কৰিছে।

এজন পেচবুক ব্যৱহাৰকাৰীয়ে এই ভাইৰেল পোষ্টটো  প্ৰচাৰ  কৰি কেপচনত লিখিছে    పల్నాడుజిల్లా బొల్లాపల్లి మండలంలో ఇద్దరు మహిళపై దాడి చేసిన పులి ఏ ఊరు బాధితులకుగాయాలయ్యాయ్యా వాళ్ళ పరిస్తితి ఎలా ఉంది. అనే  పూర్తి వివరాలు తెలియాల్సి ఉంది…. (অনুবাদ: পালনাডু জিলাৰ বোল্লাপাল্লিত দুগৰাকী মহিলাক বাঘে আক্ৰমণ কৰিছে। এঁওলোক কোন গাঁৱৰ বাৰু আৰু তেওঁলোক বৰ্তমান কেনে আছে?  এই সন্দৰ্ভত জানিবৰ মন গৈছে…)

পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী প্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ফটোসহ এটা বাতৰি লাভ কৰিলো, তাৰ শিৰোনামত আছিল- মহিলাৰ ওপৰত বাঘৰ আক্ৰমণ, ভিডিওটোত চাওক মাকক তেওঁৰ পুত্ৰই কিদৰে ৰক্ষা কৰিলে

বাতৰিটোত থকা ফটোৰ সৈতে ভাইৰেল ভিডিওৰ এটা কী ফ্ৰেমৰ হুবহু মিল আছে আৰু বাতৰিটোত প্ৰকাশ কৰা অনুসৰি উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ দ্বাৰাহট নগৰৰ সমীপৰ এখন গাঁৱত দুগৰাকী মহিলাক নাহৰফুটুকীয়ে আক্ৰমণ কৰিছিল।   

আমি লাইভ হিন্দুস্তানৰ এগৰাকী বিষয়াৰ নিজা একাউণ্টতো টুইট লাভ কৰিলো, ইয়াত সমস্ত ঘটনাটোৰ ভিডিও প্ৰচাৰ কৰা হৈছিল। টুইটৰ ভিডিওটোৰ সৈতে ভাইৰেল ভিডিওটোৰ হুবহু মিল আছে। ইয়ে প্ৰমাণ কৰে ভিডিওটোত সংঘটিত ঘটনা উত্তৰাখণ্ডৰহে সংঘটিত হৈছিল, অন্ধ্ৰপ্ৰদেশত নহয়।

আমি স্ক্ৰোল ডট ইন তো এটা বাতৰি দেখিলো, সেই বাতৰিটোতো লাইভ হিন্দুস্তানৰ টুইটটোৰ ভিডিওকেই প্ৰচাৰ কৰা হৈছিল। যিয়ে স্পষ্ট কৰে ঘটনাটো উত্তৰাখণ্ডৰ দ্বাৰাহাটৰ।

সেয়ে আমি স্পষ্টকৈ কব পাৰো যে দুগৰাকী মহিলাক বাঘৰ আক্ৰমণৰ এই ঘটনাটো ভাইৰেল পোষ্টটোত দাবী কৰাৰ দৰে অন্ধ্ৰ প্ৰদেশৰ পালানডুতত সংঘটিত হোৱা নাছিল।  

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছেতেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক