সত্যতা নিৰূপণ: ইজৰাইলৰ খেলুৱৈ দলৰ এখন সম্পাদিত ফটোকেই অলিম্পিক ২০২৪ৰ সমদলৰ বুলি দাবী কৰা হৈছে

0 309

সম্প্ৰতি পেৰ্ছ অলিম্পিক ২০২৪ চলি আছে। এনে সময়তে ইজৰাইলৰ পতাকা ধৰি থকা এটা দলৰ ফটো এখন সামাজিক মাদ্যমত ভাইৰেল হৈছে। তেওঁলোকে ধৰি থকা বেনাৰখনৰ এমূৰত লিখা আছে ‘নৰসংহাৰীৰ দল’।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ফটোখন গুগল লেন্সত দি অনুসন্ধান কৰাত নিউজ মোবাইলৰ  দলে মূল ফটোখন  ২৭ জুলাই ২০২৪ ত প্ৰচাৰিত এটা ফেচবুক পোষ্টত দেখা পালে, বেনাৰখনত ‘ইজৰাইল’.বুলি লিখা আছে।

আৰু অধিক অনুসন্ধান কৰাত আমি একেখন ফটো ২০২৪ৰ পেৰিছ অলিম্পিকৰ বাতৰিসহ বিভিন্ন লংবাদ মাদ্যমত দেখা পালো। বাতৰিবোৰ ইয়াত, ইয়াত আৰু  ইয়াত পাব।

এই বাতৰিত থকা ফটোত এছ’চিয়েটেড প্ৰেছ.ৰ সৌজন্যত বুলি লিখা আছে। এছচিয়েটেড প্ৰেছৰ ৱেবছাইটত অনুসন্ধান কৰাত আমি ২৬ জুলাই ২০২৪ ৰ সমদলৰ মূল ফটোখন দেখা পালো।

তাৰ কেপচনত আছে: “২০২৪ পেৰিছ অলিম্পিকৰ আৰম্ভনি সমাৰোহত ইজৰাইলৰ এণ্ড্ৰী মুৰেজ আৰু পীটাৰ পেল্টচিকে দেশখনৰ পতাকা লৈ যোৱা দেখা গৈছে।”

ওপৰৰ ৰিজনিৰ পৰা স্পষ্ট হয়, মূল ফটোখনৰ এঠাইত ইজৰাইল বুলি লিখা অংশটো ডিজিটেলৰ সহায়ত “নৰসংহাৰীৰ দল” বুলি লিখা হৈছিল।

এনেদৰেই, ২০২৪ বুলি দাবী কৰা ফটোখন ফটোছ’পৰ সহায়ত সম্পাদিত হোৱা বুলি স্পষ্ট হয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel