সত্যতা নিৰূপণ: আক্ৰমণৰ পাছত ছঈফ আলী খানৰ মৃত্যু হোৱা নাই, ভাইৰেল হোৱা পোষ্টবোৰলৈ মন নিদিব

0 240

১৬ জানুৱাৰী ২০২৫ তাৰিখৰ ঢল পুৱা বলিউড তাৰকা ছঈফ আলী খানক তেওঁৰেই ঘৰত ছয় বাৰকৈ ছুৰীকাঘাত কৰি চলোৱা ভয়ংকৰ আক্ৰমণৰ পাছত ৫৪ বছৰীয়া অভিনেতা জনৰ মৃত্যু হোৱা বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ তলোৱা হৈছিল।

এটা পোষ্টৰ কেপচনত আছে: “দুঃখবৰ: ছঈফ আলী খানৰ শোকাবহ মৃত্যু: বলিউডৰ বিশিষ্ট অভিনেতাজনলৈ অশ্ৰুসিক্ত বিদায়।”

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ছঈফ আলী খানৰ পত্নী কৰীণা কাপুৰ খানৰ লগতে পৰিয়ালৰ অইন সদস্যৰ সামাজিক মাধ্যমবোৰ পৰীক্ষা কৰি চোৱাত  নিউজ মোবাইল ৰ দলে তেওঁৰ মৃত্যু সন্দৰ্ভত কোনো তথ্যই লাভ নকৰিলে।

আৰু অধিক অনুসন্ধান কৰি ছঈফ আলী খান চিকিত্সাধীন হৈ থকা লীলাৱতী হাস্পতালৰ  ৱেবছাইট আৰু  সামাজিক মাধ্যম বোৰ পৰীক্ষা কৰাত ভাইৰেল পোষ্টটোত কৰা দাবী যে ভুৱা সেয়া স্পষ্ট হৈ পৰিল। 

উল্লেখ্য যে ২০২৫ৰ ২১ জানুৱাৰীত প্ৰচাৰিত বভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অস্ত্ৰোপচাৰৰ পাছত ছঈফ আলী খানক ঘৰলৈ উভতি যাবলৈ দিয়া হৈছে বুলি প্ৰকাশ পাইছে। (এই  বাতৰিবোৰ ইয়াত, ইয়াত, ইয়াত আৰু  ইয়াত পাব।)

এনেদৰেই স্পষ্ট হয় যে ছঈফ আলী খানৰ মৃত্যু হোৱা বুলি দাবী কৰা পোষ্টটো সত্য নহয়।