সত্যতা নিৰূপণ: অমিতাভ বচ্চনে মধুমেহ ৰোগৰ পথ্য সন্দৰ্ভত বিস্লেষণ আগবঢ়োৱা ভাইৰেল ভিডিওটো AI-ৰ দ্বাৰা নিৰ্মীত

0 147

মেগাষ্টাৰ অমিতাভ বচ্চনে এটা বিখ্যাত দৰব নিৰ্মাতা প্ৰতিষ্ঠানক ডায়েবেটিচ বা মধুমেহ ৰোগৰ ঘৰুৱা চিকিত্সা সন্দৰ্ভত তথ্য লুকুওৱাৰ বাবে সমালোচনা কৰা বুলি দাবী কৰি এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ক্লিপটোত অমিতাভ বচ্চনে প্ৰতিজন মধুমেহ আক্ৰান্ত ৰোগীয়ে যাতে ডাঃ ছেট্টিৰ চিকিত্সা সম্পৰ্কে জ্ঞাত হয় তাৰ ব্যৱস্থা কৰিব বুলি শপত লোৱা শুনা যায়।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ)পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি ভিডিওটো AIৰ দ্বাৰা নিৰ্মাণ কৰা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটো সুক্ষ্মভাবে চোৱাত বহুকেইটা অসামাঞ্জস্য দেখা গল। বিশেষকৈ ভিডিওটোত কথা কোৱাৰ সময়ত শব্দৰ সৈতে নিমিলাকৈ  ওঁঠ লৰচৰ হোৱালৈ (lip-sync) লক্ষ্য কৰি ভিডওটো সন্দৰ্ভত সন্দেহ ওপজে।

ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ োবাইলৰ দলে এমএছ টকীজৰ ইউ টিউব চেনেলত মূল ভিডিওটো লাভ কৰিলে।  ২৮ অক্টোবৰ ২০২৪ তাৰিখৰ ভিডিওটোত অমিতাভ বচ্চনক   2024 ANR (Akkineni Nageswara Rao) National Award (২০২৪ৰ এএনআৰ ৰাষ্ট্ৰীয় বঁটা) প্ৰদান অনুষ্ঠানত ভাষণ দয়া দেখা গৈছে। . আক্কিনেনি ইণ্টাৰনেচনেল ফাউণ্ডেচনে ২০০৫ চনৰ পৰা ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা বিশেষ সেৱাৰ বাবে এই বঁটা প্ৰদান কৰি আহিছে।  

মূল ভিডিওটোত অমিতাভ ৱচ্চনে তেলেগু ছবিৰ কথা পতাৰ লগতে ANR বঁটা প্ৰাপক চিৰঞ্জীৱিৰ অভিনয় প্ৰতিভাক প্ৰশংসা কৰিছে। ভিডিওটোৰ কতোৱেই মধুমেহ ৰোগ সম্পৰ্কে কোনো কথাই শুনা নগল। ইয়েই স্পষ্ট কৰে যে ভিডিওটো সম্পাদিত।

ভাইৰেল আৰু মূল ভিডিও দুটা মিলাই লৈ ৰিজাই চোৱাত ভাইৰেল ভিডিওটোৰ অডিও আৰু ওঁঠৰ সঞ্চালনত প্ৰাৰ্থক্য দেখা গল। ইয়েই স্পষ্ট কৰে যে ভিডিওটো সম্পাদনা কৰা।

  TrueMedia’s এডভাঞ্চড দীপফেক ডিটেকচন টুল ব্যৱহাৰ কৰি আমি ভাইৰেল ক্লিপটো পুংখনাপুংখ ভাবে পৰীক্ষা কৰিলোঁ। ইয়াত ভিডিওটো AIৰ সহায়ত সম্পাদনা কৰা কথাটো ওলাই পৰিল। [বিস্তৃত বিশ্লেষণ ইয়াত পাব।] 

এনেদৰেই স্পষ্ট হয় যে অমিতাভ ৱচ্চনৰ ভাইৰেল ক্লিপটো সম্পাদনা কৰা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799