সত্যতা নিৰূপণ: অভিনেতা প্ৰকাশ ৰাজে কংগ্ৰেছক সমালোচনা কৰা পোষ্টটোৰ সৈতে কৰ্ণাটক নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই

0 465

কৰ্ণাটত নিৰ্বাচনৰ পূৰ্বে অভিনেতা প্ৰকাশ ৰাজৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত অভিনেতাজনে কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান জনাইছিল। বহুকেইগৰাকী ব্যৱহাৰকাৰীয়ে এই ভিডিওটো শ্বেয়াৰ কৰিছিল।     

ভিডিওটোৰ সৈতে কেপচনত লিখিছিল: “কৰ্ণাটক নিৰ্বাচনৰ বাবে ভোটদাঁতালৈ এই বাৰ্তা।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি  পংকজ ৰায় ৰ টুইটাৰ হেণ্ডেল দেখিলো। তাত ২০১৯ৰ ১৭ এপ্ৰিলত আপলোড কৰা ভিডিওটোৰ বৰ্ধিত অংশ দেখা পালো। তাৰ কেপচনত আছে: “কংগ্ৰেছৰ ভুৱা বাতৰি প্ৰচাৰ…এই দলটোৰ কুত্সিত ৰাজনীতি। কংগ্ৰেছে লাজ পোৱা উচিত। প্ৰমাণসহ সকলো তথ্য দি নিৰ্বাচন আয়োগলৈ অভিযোগ পঠিওৱা হৈছে। অনুগ্ৰহ কৰি এই লেটেৰা ৰাজনীতিৰ বিৰোধ কৰি শ্বেয়াৰ কৰিব।”  ভিডিওটোত প্ৰকাশ ৰাজে ৰিজৱানৰ সৈতে কৰমৰ্দন কৰা ফটো এখন কংগ্ৰেছে ভুৱা তথ্যৰে প্ৰচাৰ কৰাৰ বাবে অভিনেতাজনে কংগ্ৰেছক সমালোচনা কৰিছিল।

২০১৯ চনত প্ৰকাশ ৰাজে বাংগালুৰু বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু বিজেপি প্ৰাৰ্থী পি চি মোহনৰ হাতত পৰাস্ত হৈছিল। দ্বিতীয় স্থানত আছিল কংগ্ৰেছ প্ৰাৰ্থী ৰিজৱান আহমেদ।

ইয়াৰোপৰি বিজেপিৰ প্ৰচণ্ড বিৰোধী বুলি জনাজাত প্ৰকাশ ৰাজে  কংগ্ৰেছে কৰ্ণাটক নিৰ্বাচনত জয়লাভ কৰিব বুলিও ভবিষ্যত্ বাণী কৰিছিল।   

৮মে’ ২০২৩ত প্ৰকাশ ৰাজে কৰ্ণাটকৰ  ভোটাৰসকলক বিজেপিক পৰাজিত কৰিবলৈ  টুইট কৰিছিল। ইয়ে প্ৰমাণ কৰে যে তেওঁ ৰাজ্যখনৰ বিজেপি চৰকাৰৰ প্ৰবল বিৰোধী আছিল।   

এয়াই প্ৰমাণ কৰে যে প্ৰকাশ ৰাজে কংগ্ৰেছক সমালোচনা কৰা ভাইৰেল ভিডিওটোৰ কৰ্ণাটক নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক