সত্যতা নিৰূপণ: অগ্নিবীৰৰ সমান্তৰালকৈ একে নামতেই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও চলিব নেকি? সত্য জানিবলৈ পঢ়ক

0 58

বাতৰি কাকতৰ এটা বাতৰিৰ স্ক্ৰীণশ্বট শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। বাতৰিটোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে অগ্নিবীৰৰ দৰেই নতুন শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অনুমোদন জনোৱা বুলি প্ৰকাশ পাইছে। ভাৰতীয় সেনাই সমগ্ৰ ভাৰততে বৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰা অগ্নিপথ আঁচনিৰ কাম আৰম্ভ কৰিচে।

স্ক্ৰীণশ্বটৰ ফটোৰ সৈতে হিন্দীতে লিখা কেপচনত আছে-অভিনন্দন, অগ্নিবীৰ শিক্ষকসকলৰ পাল আহিল, সকলোৰে বাবে এই সুযোগ আহিব, এতিয়া বেংকৰ লৰা-ছোৱালীৰ বাবেও হব লাগে।

এই পোষ্টটোৰ লিংকইয়াতইয়াতইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি মূল শব্দ ব্যৱহাৰ কৰি ইণ্টাৰনেটত বিচাৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলো। কিন্তু ভাইৰেল হোৱা পোষ্টটোত দাবী কাৰ দৰে কোনো তথ্য লাভ নকৰিলো। ৰাষ্ট্ৰপতিয়ে তেনে কোনো কথা প্ৰকাশ কৰিলে নিশ্চিত ভাবে সংবাদ মাধ্যমত এয়া প্ৰকাশ পালেহেঁতেন।

পাছত আমি পোষ্টৰ ফটোখন ভাল দৰে চাই তাত থকা শব্দজুলাইত গুৱাৰ (এবিধ শষ্য)ৰ দাম চাৰি হাজাৰতকৈ কম আছিল, এতিয়া গড় দাম প্ৰতি কুইণ্টলত ৫ হাজাৰ হলগৈ।– এই মূল শব্দ প্ৰয়োগ কৰি পুনৰ অনুসন্ধান আৰম্ভ কৰিলো।

আমাৰ অনুসন্ধানৰ ফলত ২০২১ৰ আগষ্টত প্ৰচাৰিত  বহুকেইটা বাতৰি লাভ কৰিলো।

আৰু অধিক অনুসন্ধান কৰাত আমি ভাৰত চৰকাৰৰ সত্যতা নিৰূপক সংস্থাৰ এটা টুইট লাভ কৰিলো। তাত ভাইৰেল পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰকাশ পাইছে।

এনেদৰেই ওপৰৰ তথ্যই প্ৰমাণ কৰে যে ৰাষ্ট্ৰপতি মুৰ্মূৱে অগ্নিপথ আঁচনীৰ অধীনত শিক্ষক নিযুক্তিৰ তেনে কোনো কথা প্ৰকাশ কৰা নাই। 

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।